ভাৰতীয় বিজ্ঞানীলৈ আমেৰিকাৰ সন্মানীয় 'নেচনেল মেডেল অফ চাইঞ্চ' বঁটা...

ভাৰতীয় বিজ্ঞানীলৈ আমেৰিকাৰ সন্মানীয় 'নেচনেল মেডেল অফ চাইঞ্চ' বঁটা...
ভাৰতীয় বিজ্ঞানীলৈ আমেৰিকাৰ সন্মানীয় 'নেচনেল মেডেল অফ চাইঞ্চ' বঁটা...

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰবাসী ভাৰতীয় বিজ্ঞানী ড০ সুব্ৰা সুৰেশক প্ৰদান কৰিলে দেশখনৰ প্ৰতিষ্ঠিত সন্মান 'নেচনেল মেডেল অফ চাইঞ্চ'। মঙ্গলবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাইডেনে এই বঁটা প্ৰদান কৰে।

নেচনেল চাইঞ্চ ফাউণ্ডেচনৰ পূৰ্বৰ অধ্যক্ষ ড০ সুৰেশ, ব্ৰাউন বিশ্ববিদ্যালয়ৰ স্কুল অফ ইঞ্জিনীয়াৰিঙৰ অধ্যাপক।  বাইডেনে ড০ সুৰেশক ইঞ্জিনীয়াৰিং, ভৌতিক বিজ্ঞান আৰু জীৱ বিজ্ঞানত গেৱষণা আৰু বিশেষ ৰূপত বিজ্ঞান অধ্যয়ন আৰু ইয়াৰ প্ৰয়োগক আগুৱাই নিয়াৰ বাবে এই বঁটা প্ৰদান কৰিছে।

নেচনেল চাইঞ্চ এণ্ড টেকনলজী মেডেলছ ফাউণ্ডেচনে কৰা ঘোষণাত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰমী গৱেষণা আৰু সহযোগিতাৰ প্ৰতি তেওঁৰ দায়িত্ববোধক উল্লেখ কৰিছে। ড০ সুৰেশে প্ৰমাণ কৰিছে বিজ্ঞানে মানুহ আৰু ৰাষ্ট্ৰৰ মাজত বুজাবুজি আৰু সহযোগিতা তৈয়াৰ কৰিব পাৰে।

ব্ৰাউন বিশ্ববিদ্যালয়ৰ এক উদ্ধৃতিত ড০ সুৰেশে উল্লেখ কৰিছে, এই প্ৰাপ্তিয়ে তেওঁক সন্তুষ্টি প্ৰদান কৰিছে। তেওঁ কয়, এই সন্মান লাভ কৰি গৌৰৱান্বিত। ১৯৫৬ ত ভাৰতত জন্মগ্ৰহণ কৰা সুৰেশে ১৫ বছৰ বয়সত হাইস্কুলত থকাৰ সময়তে স্নাতক ডিগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

২৫ বছৰ বয়সলৈকে তেওঁ পি এইছ ডি গ্ৰহণ কৰিছিল। এই ডিগ্ৰী তেওঁ মাত্ৰ দুবছৰতে মেকানিকেল ইনষ্টিটিউট অৱ টেকনলজীৰ পৰা এই ডিগ্ৰী গ্ৰহণ কৰিছিল। 

ভাৰতীয় বিজ্ঞানীলৈ আমেৰিকাৰ সন্মানীয় 'নেচনেল মেডেল অফ চাইঞ্চ' বঁটা...
সন্ত্ৰাসবাদ মুক্ত হোৱাৰ দিশে জম্মু-কাশ্মীৰ ! চলিত বছৰত মাত্ৰ ১০ জনে যোগদান কৰিলে উগ্ৰপন্থী গোটত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in