/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/kashmir.jpg)
সন্ত্ৰাসবাদ মুক্ত হোৱাৰ দিশে জম্মু-কাশ্মীৰ ! চলিত বছৰত মাত্ৰ ১০ জনে যোগদান কৰিলে উগ্ৰপন্থী গোটত...
ডিজিটেল ডেস্কঃ সলনি হৈছে জম্মু-কাশ্মীৰ। সলনি হৈছে জম্মু-কাশ্মীৰৰ যুৱকৰ চিন্তা। মত্যৰ ভূস্বৰ্গ বুলি পৰিচিত জম্মু-কাশ্মীৰত চলিত বছৰত উগ্ৰপন্থী গোটত যোগদান কৰা কাশ্মীৰী যুৱকৰ সংখ্যা বহুগুণে হ্ৰাস হৈছে।
২০২২ বৰ্ষত সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা কাশ্মীৰী যুৱকৰ সংখ্যা আছিল ১১০ জন। ইয়াৰ বিপৰীতে ২০২৩ ত মাত্ৰ ১০ জন যুৱকহে এনে কাৰ্যকলাপত জড়িত হৈছে। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে মঙ্গলবাৰে কাশ্মীৰী যুৱকসকলক সন্ত্ৰাসমূলক কাম-কাজ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি যাবলৈ আহ্বান জনাইছে।
কপুৱাৰা জিলাৰ হান্দৱাৰাচ মাতা বদৰকালী মন্দিৰ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত তেওঁ কয়, জম্মু-কাশ্মীৰত উগ্ৰবাদ প্ৰায় সমাপ্ত হৈছে আৰু ইয়াৰ অৱশিষ্টাংশ শীঘ্ৰেই নাইকিয়া কৰা হ'ব। তেওঁ কয়, চলিত বছৰত মাত্ৰ ১০ (স্থানীয়) যুৱকে সন্ত্ৰাসবাদী গোটত যোগদান কৰিছে। বিগত বছৰত ১১০ জনে যোগদান কৰিছিল। কিমান ভাল হ'লহেঁতেন যদি কোনোৱে সন্ত্ৰাসবাদত যোগদান নকৰিলেহেঁতেন। কিয়নো ১০ জনৰ ভিতৰত ছয়জনেই নিহত হৈছে আৰু বাকী চাৰিজনো নিহত হ'ব। তেওঁলোকে হিংসাৰ পথ এৰি উভতি আহিব লাগে।
ইয়াৰোপৰি তেওঁ কয়, উগ্ৰপন্থীসকলৰো পৰিয়াল আছে। সেয়ে এনেধৰণৰ হত্যাই সুৰক্ষা বাহিনীৰ বাবেও কোনো আনন্দ কঢ়িয়াই নানে। আমি বিচাৰো যে যদি কোনোবাই শান্তিৰ পথ এৰি গৈছে তেন্তে ঘূৰি আহি স্বাভাৱিক জীৱন যাপন কৰিবলৈ তেওঁ অস্ত্ৰ-শস্ত্ৰ এৰি দিব লাগে।
তেওঁ লগতে কয় যে, যোৱা পাঁচ বছৰত জম্মু-কাশ্মীৰৰ পৰিস্থিতিলৈ যথেষ্ট পৰিৱৰ্তন আহিছে। অঞ্চলটোৰ পৰা সন্ত্ৰাসৰ পৰিৱেশ শেষ হৈছে আৰু সকলো বয়সৰ মানুহে মুক্তভাৱে ঘূৰিফুৰিব পাৰিছে। উত্তৰ কাশ্মীৰ প্ৰায় উগ্ৰবাদমুক্ত।
তেওঁ কয়, ইয়াত কোনো সক্ৰিয় উগ্ৰপন্থী নাই কিন্তু কেইজনমান অদ্ভূত ফ্লোটিং উগ্ৰপন্থী আছে যি এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে। তেওঁলোককো অঞ্চলটোৰ পৰা আঁতৰ কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us