ভূটান ভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ, ভাৰত হ'ব লাভান্বিত...

ভূটানে পৰ্যটক সকলক আকৰ্ষিত কৰিবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ পৰা আটাইতকৈ ভাৰতৰ পৰ্যটক সকল লাভান্বিত হ'ব।
ভূটান ভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ, ভাৰত হ'ব লাভান্বিত...

ডিজিটেল ডেস্ক: ভূটানে পৰ্যটক সকলক আকৰ্ষিত কৰিবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ পৰা আটাইতকৈ ভাৰতৰ পৰ্যটক সকল লাভান্বিত হ'ব। ভূটান ভ্ৰমণ কৰা পৰ্যটকসকলে এতিয়া শুল্ক-মুক্ত সোণ ক্ৰয় কৰিব পাৰিব। বহনক্ষম উন্নয়ন মাচুল(এছডিএফ) পৰিশোধ কৰা পৰ্যটকসকলে ভূটানৰ ফুটচুডিং আৰু থিম্ফু চহৰৰ পৰা শুল্ক-মুক্ত সোণ ক্ৰয় কৰিব পাৰিব।

ভূটানৰ এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূটানৰ নতুন বৰ্ষ ২১ ফেব্ৰুৱাৰীত এই সিদ্ধান্ত লোৱা হয়। ভূটানলৈ প্ৰায় ভাগ ভাৰতীয় পৰ্যটকে যায় যাৰ বাবে এই পদক্ষেপৰ পৰা ভাৰতীয় সকল অধিক লাভান্বিত হোৱাৰ সম্ভাৱণা আছে।

সকলো এছডিএফ পৰিশোধকাৰী পৰ্যটক সোণ ক্ৰয় কৰিবলৈ যোগ্য। কিন্তু ইয়াৰ বাবে তেওঁলোকে পৰ্যটন বিভাগৰ দ্বাৰা প্ৰমাণিত এখন হোটেলত কমেও এটা ৰাতি কটাব লাগিব।

২৬ ফেব্ৰুৱাৰী ২০২৩ অনুসৰি ভাৰতত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৫৮,৩৯০ টকা । আনহাতে ভূটানত ইয়াপ মূল্য ৪০,২৮৬ বিটিএন( ভূটানী মুদ্ৰা-ভূটানী নগুলট্ৰম)। ভাৰতীয় টকা আৰু ভূটানৰ বিটিএনৰ মূল্য প্ৰায় একেই।

ভূটান ভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ, ভাৰত হ'ব লাভান্বিত...
ভাষা আৰু শব্দৰ বাবে এটি সংগ্ৰহালয় : প্লেনেট ৱৰ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in