/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d0f37a61-f124-40f3-a8ad-ee77d1b08f1d/planet_word.jpg)
ডিজিটেল ডেস্ক : পৃথিৱীত প্ৰায় ৭ হেজাৰটা মুখ্য ভাষা বৰ্তমান প্ৰচলিত । আছে কেইবা লক্ষাধিক শব্দ । ভাষা যদি এখন নৈ হয় তেন্তে সেই নৈত অবিশ্ৰান্তভাৱে বৈ থকা পানী হ'ব শব্দ । সেই ভাষা আৰু শব্দৰ বাবে যদি এটি সম্পূৰ্ণ সংগ্ৰহালয় নিৰ্মাণ কৰা হয় ?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0269b501-04be-46ea-8fea-3e53581f7486/PlanetWord_07_Joseph_Romeo.jpg)
২০২০ চনৰ মে' মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন চহৰত নিৰ্মাণ কৰা হৈছিল এই 'প্লেনেট ৱৰ্ড' নামৰ সংগ্ৰহালয়টো । মুঠ ১১ টাকৈ প্ৰদৰ্শনীৰ জৰিয়তে বিশ্বৰ বিভিন্ন ভাষা আৰু শব্দসমূহ প্ৰদৰ্শন কৰা হয় দৰ্শকক । ৱাশ্বিংটন ডি চি ৰে ফ্ৰেংকলিন নামৰ এখন বিদ্যালয়ত অৱস্থিত এই সংগ্ৰহালয়টো মুকলি সমগ্ৰ বিশ্বৰ বাবে । য'ত বিভিন্ন উপায়েৰে দৰ্শক সকলক পৰিচয় কৰোৱা হয় বিভিন্ন ভাষা আৰু শব্দৰ সমূহৰ সৈতে ।
এই প্ৰদৰ্শনী সমূহৰ এখনত দৰ্শক সকলক এখন স্ক্ৰীণত শব্দৰ সহায়ৰে আঁকিবলৈ দিয়া হয় যিকোনো দৃশ্য, পৰৱৰ্তী সময়ত সেই দৃশ্যসমূহ নিজেই হৈ পৰে একোখন ধুনীয়া ছবি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6ab1110e-108b-46c4-a453-7cb0655fe9e1/0x0.jpg)
আন এক প্ৰদৰ্শনীত আছে ২২ ফুট উচ্চতাৰ এখন দেৱাল য'ত আছে প্ৰায় ১০০০ টা শব্দ । দৰ্শকক প্ৰতিটো শব্দৰেই ইতিহাস আৰু তাৰ অন্তৰালৰ কাহিনী কয় দেৱালখনে ।
কেৱল এয়াই নহয় বৰং মাৰ্টিন লুথাৰ কিং জুনিয়ৰ তথা জন এফ কেনেডীৰো প্ৰখ্যাত বক্তব্যসমূহ শুনিবলৈ পাব দৰ্শকে ।