/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e1209628-1467-4d60-97f1-f4d79404b378/bihu_us.jpg)
যুক্তৰাষ্ট্ৰত জ্যোতি বন্দনাঃ ভোগালী বিহু উদযাপন
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ যুক্তৰাজ্য অসম সাহিত্য সভাই ৭৩ তম শিল্পী দিৱস আৰু ভোগালী বিহু উৎযাপন কৰে ল্যেষ্টাৰ চহৰত। দিনজোৰা কাৰ্যসূচীৰে বাৰেবৰণীয়া এই শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপনত যুক্তৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰৱাসী অসমীয়া-অনাঅসমীয়া সমৱেত হয়।
যুক্তৰাজ্য অসম সাহিত্য সভাৰ সভানেত্ৰী মঞ্জিৰা চৌধুৰীয়ে আদৰণি ভাষণত সকলোকে শিল্পী দিৱস আৰু ভোগালী বিহুৰ শুভকামনা জনায়। তেওঁ কয়, আমি সকলোৱে আমাৰ নৱপ্ৰজন্মক মূল সুঁতিৰ লগত বান্ধি ৰাখি অসমীয়া সাহিত্য, কলা-কৃষ্টিক বিশ্ব দৰবাৰত উন্নত কৰাৰ প্ৰয়াস কৰিব লাগিব। অনুষ্ঠানত অসমীয়া সাহিত্য, সংস্কৃতিৰ মহীৰূহ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা আৰু অন্যান্য শিল্পীসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ca5d56db-2313-4398-b046-a1654531e741/b66ef52d_2645_4a6e_b1c1_67e02ef5dd2e.jpg)
সাহিত্য সভাৰ উপ-সভানেত্ৰী গীতা বৰুৱাই সভাৰ উদ্দেশ্যৰ লগতে মহান শিল্পীসকলে অসমীয়া সাহিত্য সংস্কৃতিলৈ এৰি থৈ যোৱা মহান অৱদানক চমুকৈ অৱগত কৰে। তেখেতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা দেৱৰ অসমীয়া ভাষা, সাহিত্য আৰু বোলচবি অপূৰণীয়া অৱদানৰ কথাও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e8c6c5b8-f3c6-4737-bc6f-58dadf3c33b9/1e4aa081_4bb2_437b_9c6f_169c15db6b31.jpg)
ইয়াৰোপৰি সত্ৰীয়া সংস্কৃতিৰ সাধক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় বশিষ্ঠ দেৱ শৰ্মা, বোলচবি জগতৰ প্ৰখ্যাত অভিনেতা নিপণ গোস্বামী, জ্ঞানপীঠ বঁটা প্ৰাপক কাব্যঋষি নীলমণি ফুকন, অমৰ প্ৰেমীক চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত এটি কবিতাৰো চমু কৰ্মশালা অনুষ্ঠিত কৰে। ইয়াৰ উদ্যোগ লয় লেখিকা ময়াপী চৌধুৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/846f89f1-7dc9-4dc6-a853-63b72f328819/d840b4ff_2aed_4830_89fe_e3856fe305e7.jpg)
কৰ্মশালাৰ বিষয়বস্তু আছিল ঢোল, পেপা, গগণা, জাপি, শৰাই, গোমাচা, নাচনী, হাৰমনিয়াম তবলা। থিতাতে চাক্ষুক অনুভৱেৰে নিজ নিজ অনুভৱ প্ৰকাশ কৰি কবিতা আঁকাৰে লিখি পাঠ কৰে।
প্ৰৱাসত থাকি মাতৃভূমি ও মাতৃভাষাৰ লগত এক বিশেষ আকৰ্ষণ কৰাৰ চেষ্টা কৰা এই কৰ্মশালাত পৰি গগৈ, ভানুশ্ৰী মেধিৰ নিয়ৰৰ কবিতাই সকলোকে আৱেগিক কৰি তোলে। কৰ্মশালাৰ পিছত অসমীয়া ন-পুৰণি গীতৰ ভিত্তিত অন্ত আখৰৰ খেল আৰম্ভ হয়। -৪ ডিগ্ৰী তাপমাত্ৰাতো প্ৰতিজন প্ৰৱাসী অসমীয়াৰ কণ্ঠেৰে জ্যোতি সংগীতৰ পৰা আৰম্ভ কৰি নৱ প্ৰজন্মৰ অসমীয়া গায়ক, শিল্পীসকলৰ গীতে মাতে মুখৰিত হয় অনুষ্ঠানস্থলী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1c599323-3fa0-457d-9bc8-5041e1faa6f2/de203d95_6064_41d7_80b9_7d1886f0a8da.jpg)
সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণিতে মঞ্জিৰা চৌধুৰীয়ে প্ৰবীণ হাজৰিকা দেৱে লিখা এটি কবিতা পাঠ কৰে। কবি প্ৰবীণ হাজৰিকাই শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত যোগ দিব নোৱাৰিলে। কণ কণ মইনা নভ্যা, আৰনা, জোনাক, উৰ্বি, ঈশান, নিয়ৰৰ কণ্ঠত ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জ্যোতি সংগীতে প্ৰৱাসী অসমীয়াসকলক আপ্লুত কৰে। কণমানি আদ্ৰিকাই জ্যোতি প্ৰসাদ আগৰৱালাৰ অৱদানৰ ওপৰত এখন চমু গীতি নাটিকা প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a5244585-ce8f-40a3-a295-d58df621fc05/61109cf0_8abe_49ef_9029_b46c846ac579.jpg)
নৱ প্ৰজন্মক অসমৰ ভাষা, গীত, সাহিত্য আদিৰ সৈতে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত যুক্তৰাজ্যৰ সাহিত্য সভাৰ এক মহান উদ্দেশ্য। এই অনুষ্ঠানত ডা০ ভাস্কৰ দত্ত, ডাঃ সুৰজ গগৈ, জাহ্নৱী, পিনাকী, স্মিতাই মহান শিল্পীসকলৰ গীত প্ৰস্তুত কৰে। সাংস্কৃতিক সন্ধিয়া সূচাৰুৰূপে পৰিচালনা কৰাত আঁত ধৰে গীতোৎপলা বৰদলৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4f87cb27-4dd5-4a4e-9329-4ef36513a5bc/6ffd55de_52c9_49ff_ab94_8fa489ce33ae.jpg)
যুক্ত ৰাজ্য সাহিত্য সভাৰ সম্পাদিকা পৰী গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়। ইংৰাজী নতুন বছৰৰ আৰম্ভণিতে ভোগালীক ভোগ কৰিবলৈ বিদেশৰ ৰান্ধনীশালত অসমীয়াৰ আদৰৰ জলপান দৈ-চিৰা, খেজুৰৰ গুৰ, লাড়ু-পিঠা, মাহ-কৰাই আদিকে কৰি বিভিন্ন প্ৰকাৰৰ জলপান আদি খোৱাৰ লগতে মনৰ ভাৱ আদান প্ৰদান কৰে প্ৰতিগৰাকী অসমীয়াই। নৈশ বিহু ভোজত মাছৰ টেঙা, খাৰ, মাটি মাহৰ দালি, তিলৰ চাটনি বিলাহীৰ টক, মাছ, মাংসৰে মনৰ হেঁপাহ পলুৱাই খাই আকৌ লগ পোৱাৰ আশাত নিজ নিজ কৰ্মস্থলীলৈ বিদায় লয়।
আৰু পঢ়কঃ বন বিভাগৰ অভিযানত জব্দ বালি তোলা মেচিন