/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9ed08f2e-dfe6-4d5a-a5c9-7bab2e9eefd2/bala.jpg)
বন বিভাগৰ অভিযানত জব্দ বালি তোলা মেচিন
ডিজিটেল সংবাদ, ছয়গাঁওঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ আন্ধেৰী-পশ্চিমধূলিত বন বিভাগৰ অভিযান। কুলছী ৰেঞ্জৰ অন্তৰ্গত আন্ধেৰী আৰু পশ্চিমধূলিত সংশ্লিষ্ট ৰেঞ্জাৰ দ্বীপন ডেকাৰ চৰম ব্যৰ্থতা তথা কমিচনৰাজক উদঙাই সোমবাৰে বন সংমণ্ডলটোৰ ডি এফ অ' দিম্পী ডেকাৰ নিৰ্দেশমৰ্মে প্ৰটেকচন ৰেঞ্জাৰৰ নেতৃত্বত অভিযান চলাই ৭টাকৈ অবৈধভাৱে বালি তোলা মেচিন জব্দ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/820529ce-8405-435b-9b7d-5c40219d2a76/081beb75_0c76_434d_8a17_e7b43a88c023.jpg)
জানিব পৰা মতে আজি দুপৰীয়া ভাৰপ্ৰাপ্ত প্ৰটেকচন ৰেঞ্জাৰ নুৰুল আলীসহ এটা সঁজাতী দল উক্ত অঞ্চলত উপস্থিত হোৱাৰ পিচতে বহু সংখ্যক মেচিন বালি মাফিয়া চক্ৰই তাৰ পৰা উধাও কৰে। উল্লেখযোগ্য যে এই অঞ্চলত দীৰ্ঘ দিনৰ পৰাই কোনো চৰকাৰী মহল নোহোৱাকৈয়ে অবৈধভাৱে বালি খনন কৰি সৰবৰাহ কৰি আছে। যাৰ ফলত চৰকাৰে বছৰি লাখ লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e1140880-b5e4-4d02-bcd1-9a4b941ccbb4/d084c069_85d0_4a2b_8d1f_82610609111c.jpg)
জানিব পৰা মতে ইয়াৰে পৰিপ্ৰেক্ষিতত ছয়গাঁও বালি মহলৰ অন্তৰ্গত আন্ধেৰী ঘাটত চৰকাৰী মহল দিয়াৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে নিবিদাযোগে যো-জা চলাই থকা হৈছে যদিও বিষয়টো বৰ্তমানো আদালতত বিবাদমান অৱস্থাত আছে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি পূৰ্বৰ মহলদাৰ জনৈক দীপক ৰাভাই উপযুক্ত নথি-পত্ৰৰ অভাৱত এইবাৰ নিবিদা জাৰি কৰিব নোৱাৰিলেও বৰ্তমানো তাত বালিত অবৈধভাৱে খননকাৰ্য চলাই আছে।
লক্ষণীয় যে উক্ত অঞ্চলটোত শিহুৰ বসতিস্থল হিচাপে বালিৰ বৈধ মহল আবণ্টন নিদিয়াৰ বাবে স্থানীয় জনৈক বিদ্যা ৰাভা নামৰ লোক এজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক লেখ আবেদন দাখিল কৰিছিল। প্ৰশ্ন হয়, এইগৰাকী বিদ্যা ৰাভা পূৰ্বৰে পৰা এই এলেকাত চলি অহা অবৈধ বালি খননক লৈ কি নিৰ্দিপ্ত হৈ আছিল। নে অবৈধ চক্ৰটোৰ সৈতে হাত উজান দি ব্যক্তিগত মুনাফা লাভৰ স্বাৰ্থত তেওঁ চৰকাৰী মহল হোৱাৰ বিৰোধীতা কৰি আছে তাক লৈয়ো সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।
ৰাইজৰ মতামত অনুসৰি ৰাভাই আদালতত দাখিল কৰা অভিযোগৰ লেখিয়াকৈ কলহী নদীৰ আন্ধেৰী অঞ্চল শিহুৰ বসতিস্থল নহয়। তেনেস্থলত তেওঁ তেনে অভিযোগ অনাৰ কোনো নাই লগতে অবৈধ খনন বন্ধ কৰি বৈধ মহল হ'লে চৰকাৰে বছৰি বহু পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব বুলিও অধিকাংশ লোকে দাবী জনাইছে।
উল্লেখযোগ্য যে কুলছীৰ ৰেঞ্জাৰ দ্বীপন ডেকাৰ কাৰ্যকালত ৰেঞ্জ এলেকাটো বেছিমাৰী আৰু আন্ধেৰীত সৰ্বাধিক অবৈধ বালিৰ খননকাৰ্য চলি আছে। ইয়াৰ পিচতো ৰেঞ্জাৰ ডেকাই অতি ৰহস্যজনকভাৱে নিৰ্দিপ্ত ভুমিকা লৈ আহিছে। কেৱল কমিছনৰাজৰ বাবেই অবৈধ চক্ৰক বালিৰ অবৈধ ব্যৱসায়ৰ চলাই থকোৱাৰ সুবিধা দিয়াৰো তেওঁৰ বিৰুদ্ধে অভিযোগ আছে।
তেওঁ নাটকীয়ভাৱে কেৱল বেছিমাৰীতে চলি থকা ২৫-৩০ টা বালি তোলা মেচিনৰ ভিতৰত ৫ টাহে জব্দ কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই সকলো কাৰ্য ডি এফ অ'ক অন্ধকাৰত ৰাখি ৰেঞ্জাৰ ডেকাই চলাই গৈছে বুলিও বিভিন্ন মহলে মতপোষণ কৰিছে। বিভাগীয় ঊৰ্ধ্বতন মহলে তথা আদালতে চৰকাৰী মহল আবণ্টন দিয়া বিষয়টো সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া বিচাৰ্য বিষয় হিচাপে ৰাইজে আশাৰে বাট চাই ৰৈছে।
আৰু পঢ়কঃ অসুস্থ ঋষভ পণ্টৰ আশু আৰোগ্য কামনা সূৰ্য কুমাৰ যাদৱ,কুলদীপ আৰু ৱাশ্বিংটন সুন্দৰৰ