ৰান্ধনিক ইউক্ৰেইন যুদ্ধৰ নায়ক সজাই বিপদত পুটিন

একাংশ সৈন্যৰ মনত অত্যাধিক উচ্চাকাংক্ষা আৰু নিহিত হৈ থকা স্বাৰ্থৰ ফলত তেওঁলোকৰ মনত সূচনা হৈছে দেশদ্ৰোহী মনোভাবৰ
ৰান্ধনিক ইউক্ৰেইন যুদ্ধৰ নায়ক সজাই বিপদত পুটিন

ডিজিটেল ডেস্ক : সময়ে হেনো সলাব পাৰে পৰিবেশ-পৰিস্থিতি। কোন মূহুৰ্তত মিত্ৰজনো শত্ৰু হৈ যায় তাৰো নাথাকে কোনো পূৰ্বাভাস। সকলো সময়ৰ খেল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ কথা বিশ্বৰ প্ৰায় সংখ্যকে জ্ঞাত। প্ৰায় ১৬ মাহে ৰাছিয়াই ইউক্ৰেইনক আকাশ-জল-স্থল সকলো দিশৰ পৰা আক্ৰমণ কৰি থকা-সৰকা কৰি ৰাখিছে। বৰ্তমানেও এই যুদ্ধৰ অৱসান ঘটা নাই। নিতৌ ন ন তথ্যৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই।

ক্ষতিগ্ৰস্ত হৈছে উভয় দেশৰ অৰ্থনৈতিক,সামাজিক,ৰাজনৈতিক ক্ষেত্ৰ। সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে জন-জীৱন। এই যুদ্ধৰ ফলত দুয়োখন দেশৰ শিশুৰ পৰা বৃদ্ধলৈকে অকাল মৃত্যুক আকোৱালি লৈছে বহুসংখ্যকে।

এনেবোৰ ঘটনাৰ মাজতে শনিবাৰে ৰাছিয়াত সূচনা হৈছে আন এক পৰিবেশৰ। বিশ্বৰ অন্যতম শক্তিধৰ দেশখনত আৰম্ভ হৈছে গৃহযুদ্ধৰ আখৰা। দেশখনৰে এটি সশস্ত্ৰ সংগঠন, নাম- ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনী। এই গোটটো হৈছে মূলতঃ এটা স্বাধীন ভেৰোণীয়া সসস্ত্ৰ বাহিনী।

দাবী কৰা অনুসৰি এই গোটটোৰ সদস্যৰ সংখ্যা ২৫ হাজাৰৰো অধিক। এই সশস্ত্ৰ বাহিনীটোৰ মুৰব্বী য়েভোগনি প্ৰিগোজিন। প্ৰিগোজিন হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ একালৰ ৰান্ধনি।

এই গোটটোকেই ইউক্ৰেইনৰ লগত হোৱা যুদ্ধৰ সময়ছোৱাত ৰাষ্ট্ৰপতি পুটিনে যুদ্ধৰ বাবে নিয়োগ কৰিছিল। ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে ইউক্ৰেইনৰ ভালেসংখ্যক নগৰ দখল কৰি গৈছিল।

সকলো ঠিকেই চলি গৈছিল,কিন্তু কেইবামাহ পূৰ্বে ৰাছিয়া প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ লগত সংঘাত হয় ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীৰ। তাৰেই ফলশ্ৰুতিত সূত্ৰপাত হয় ৰাছিয়া বিৰোধী আখৰাৰ।

জানিব পৰা মতে য়েভোগনি প্ৰিগোজিনৰ নেতৃত্বত ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে ইতিমধ্যে দখল কৰিছে দক্ষিণ ৰাছিয়াৰ সামৰিকভাৱে গুৰুত্বপূৰ্ণ ৰোষ্টভ-অন-ডন চহৰ। চহৰখন দখল কৰাই নহয়, চহৰখনত থকা ৰুছ সেনাৰ ঘাটি,কাৰ্যালয়সমূহো নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলি মাৰ্চিনেৰী বাহিনীয়ে ঘোষণা কৰে। আনহাতে ৰুছ সেনা আৰু ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে সশস্ত্ৰ বিদ্ৰোহী ৱাগ'নাৰ মাৰ্চিনেৰী গোটে।

ৰাছিয়াৰ এনে অৱস্থা দেখি ৰাষ্ট্ৰপতি পুটিনে সংবাদ মাধ্যমৰ সন্মুখত আবেগিকভাৱে মন্তব্য কৰে একাংশ সৈন্যৰ মনত অত্যাধিক উচ্চাকাংক্ষা আৰু নিহিত হৈ থকা স্বাৰ্থৰ ফলত তেওঁলোকৰ মনত সূচনা হৈছে দেশদ্ৰোহী মনোভাবৰ। মাৰ্চিনেৰী বাহিনীৰ মুৰব্বী প্ৰিগোজিনে ৰাছিয়াক বিশ্বাসঘাতকতা কৰিছে।

সম্প্ৰতি গৃহযুদ্ধত জৰ্জৰিত হোৱাৰ দিশে বিশ্বৰ অন্যতম বৃহৎ শক্তিধৰ দেশ ৰাছিয়া !

ৰান্ধনিক ইউক্ৰেইন যুদ্ধৰ নায়ক সজাই বিপদত পুটিন
ৰাছিয়াত গৃহযুদ্ধৰ আখৰা ! মস্কোত কঠোৰ নিৰাপত্তা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in