ইউক্ৰেইনৰ পৰা ভাৰতে উদ্ধাৰ কৰিলে বাংলাদেশৰ নাগৰিকক, মোডীক ধন্যবাদ জনালে

ইউক্ৰেইনৰ পৰা ভাৰতে উদ্ধাৰ কৰিলে বাংলাদেশৰ নাগৰিকক, মোডীক ধন্যবাদ জনালে

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ পৰা ভাৰতে উদ্ধাৰ কৰিলে বাংলাদেশৰ নাগৰিকক, মোডীক ধন্যবাদ জনালে

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই ভাৰত চৰকাৰে যুদ্ধজৰ্জৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰিছে বহু ভাৰতীয়ক। চৰকাৰে অপাৰেশ্যন গংগাৰ অধীনত নিজৰ দেশৰ নাগৰিকৰ লগতে অন্য দেশৰ কিছুমান নাগৰিককো উদ্ধাৰ কৰে।

Advertisment

পাকিস্তানৰ ছাত্ৰৰ পাছত এইবাৰ বাংলাদেশে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। জানিব পৰা মতে অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনৰ পৰা বাংলাদেশৰ ৯ গৰাকীকৈ নাগৰিকক উদ্ধাৰ কৰিছে ভাৰতে। ইয়াৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনাই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, অপাৰেশ্যন গংগাৰ অধীনত বাংলাদেশ, নেপাল আৰু টুনুচীয়াৰ একাংশ নাগৰিককো উদ্ধাৰ কৰা হৈছে। ইয়াৰোপৰি ভাৰতে এগৰাকী পাকিস্তানী ছাত্ৰীকো উদ্ধাৰ কৰিছে। ইয়াৰ পাছতেই পাকিস্তানী ছাত্ৰী গৰাকীয়ে ভিডিঅৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতবাসক ধন্যবাদ জ্ঞাপন কৰে।

narendra modi russia ukraine india bangladesh