/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ea7a66f9-ef2b-44f2-9324-d4bf9d07f5d7/dggfgf.jpg)
ডিজিটেল সংবাদ, বাংলাদেশঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত প্ৰধান বিৰোধী দল বি এন পিৰ এক সমদলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰধান বিৰোধী দল বি এন পিৰ সমৰ্থন আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হয়। যাৰ ফলত আৰক্ষীয়ে কন্দুৱা গেছ, চাউণ্ড গ্ৰেনেড আদিৰে সংঘৰ্ষ ৰোধ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c486a397-d631-4862-a832-c38b16782d1e/9a9790d1_7816_4fe7_aada_a3b5886f9fdc.jpg)
শাসনাধিষ্ঠ আৱামী লীগেও এখন শান্তি সমদলৰ আয়োজন কৰিছিল। একে সময়তে প্ৰতিদ্বন্দী দলবোৰৰ ৰাজনৈতিক সমদলৰ বাবে উত্তেজনা বৃদ্ধি পাইছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে নিৰাপত্তা নিশ্চিত কৰিবলৈ শনিবাৰে অৰ্ধসামৰিক সীমান্ত ৰক্ষী মোতায়েন কৰা হৈছিল।
প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত প্ৰধান বিৰোধী বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)য়ে অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ দাবী জনায়। লগতে প্ৰধানমন্ত্ৰী হাছিনাৰ পদত্যাগৰ দাবীও কৰে। এই পদত্যাগৰ দাবীতে বি এন পিয়ে ঢাকাত এক বিশাল সমদলৰ আয়োজন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e75ebb7c-2e81-44d4-98b1-88c18ede548e/3e529522_9a2e_4bcf_9c98_9f2dd71ab116.jpg)
ক্ষুব্ধ বি এন পি কৰ্মীসকলে কাকৰেইলৰ এটা আৰক্ষী বুথ জ্বলাই দিছিল। মুখ্য ন্যায়াধীশৰ বাসগৃহতো শিল নিক্ষেপ কৰিছিল। এই সংঘৰ্ষত এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।
বাতৰি অনুসৰি, বাংলাদেশৰ মুখ্য বিৰোধী দলে দেওবাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। আৰক্ষীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দেওবাৰে পুৱাৰ পৰা সন্ধিয়ালৈ ধৰ্মঘটৰ আহ্বান জনাইছে বি এন পিয়ে। বি এন পিৰ চেক্ৰেটেৰী জেনেৰেল মিৰ্জা ফখৰুল ইছলাম আলমগীৰে কয় যে বি এন পিৰ শান্তিপূৰ্ণ ৰেলীত আৰক্ষীয়ে লাঠিচাৰ্জ, চাউণ্ড গ্ৰেনেড আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছিল।
অন্যহাতে ইফালে, দেওবাৰে শাসকীয় দল আৱামী লীগে শান্তি ৰেলী ঘোষণা কৰিছে। আৱামী লীগৰ সাধাৰণ সম্পাদক আৰু পথ পৰিবহণ আৰু দলং মন্ত্ৰী ওবাইডুল কাদেৰে ঢাকাত এক শান্তি ৰেলীত এই ঘোষণা কৰে।
উল্লেখ্য যে, দুয়োটা দলে যোৱা নিশা তেওঁলোকৰ পচন্দৰ ঠাইত ৰেলী অনুষ্ঠিত কৰিবলৈ আৰক্ষীৰ অনুমতি লাভ কৰিছিল । কিন্তু পৰিস্থিতিৰ অৱনতি যাতে নহয় তাৰ বাবে কেইবাটাও চৰ্ত জাৰি কৰা হৈছিল। আৰক্ষীৰ চৰ্তক অস্বীকাৰ কৰি দুয়োটা দলে ৰেলী আৰম্ভ কৰিছিল।