কলাকাতাত চিকিৎসা কৰিব আহি সন্ধানহীন বাংলাদেশৰ সাংসদঃ অপহৰণ হোৱাৰ সন্দেহ...

অবৈধ চিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে
কলাকাতাত চিকিৎসা কৰিব আহি সন্ধানহীন বাংলাদেশৰ সাংসদঃ অপহৰণ হোৱাৰ সন্দেহ...
কলাকাতাত চিকিৎসা কৰিব আহি সন্ধানহীন বাংলাদেশৰ সাংসদঃ অপহৰণ হোৱাৰ সন্দেহ...

মাছুম বিল্লাহ, ঢাকাঃ কলকাতালৈ চিকিৎসাৰ বাবে অহা বাংলাদেশৰ এগৰাকী সাংসদ বিগত ৮ দিন ধৰি সন্ধানহীন হৈ আছে। নিৰুদ্দিষ্ট সাংসদজন আনৱাৰুল আজিম আনন। সাংসদগৰাকীৰ সন্ধানত যোৱা ৮ দিন ধৰি কলকাতা আৰক্ষী আৰু বাংলাদেশৰ ডিটেকটিভ আৰক্ষীয়ে অভিযান চলাই আছে যদিও ভাৰত সীমান্তৰ বাংলাদেশৰ ঝেনাইদাহ-৪ সমষ্টিৰ এই সাংসদগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই।  

ইফালে কলকাতা আৰক্ষীয়েও এই সাংসদজনৰ সন্ধান উলিয়াবলৈ এক বিশেষ টাস্ক ফৰ্চ গঠন কৰিছে।এই এছ টি এফে সাংসদগৰাকীৰ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰাবাদত তেওঁৰ উপস্থিতিৰ তথ্য লাভ কৰিছে। সেই অনুসৰি আৰক্ষীয়ে সন্দেহ কৰিছে তেওঁক অপহৰণ কৰা হৈছে। এই অপহৰণৰ সৈতে জড়িত হৈ আছে হুণ্ডি আৰু সোণৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত এক চিণ্ডিকেট। এই চিণ্ডিকেটে প্ৰথমে তেওঁক অপহৰণ কৰি কলকাতাৰ পৰা বিহাৰলৈ লৈ গৈছে।

ঢাকা মেট্ৰ'পলিটান আৰক্ষীৰ ডিটেকটিভ শাখাৰ এক সূত্ৰই জনোৱা অনুসৰি ডিবি আৰক্ষীয়ে কেইবাটাও কাৰণত সাংসদ আজিমৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছে।এইগৰাকী সাংসদৰ বিৰুদ্ধে আছে হুণ্ডি চিণ্ডিকেট নিয়ন্ত্ৰণ কৰাৰ অভিযোগ। তেওঁ ঢাকাৰ পৰা ভাৰতলৈ সোণৰ চোৰাং ব্যৱসায়ৰ পথো নিয়ন্ত্ৰণ কৰে বুলিও অভিযোগ আছে।ঢাকা আৰু আন বিদেশী ৰাষ্ট্ৰৰ পৰা অবৈধ ধন ৰপ্তানিতো তেওঁ এক বৃহৎ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰে। এজন ভাৰতীয়লৈ তেওঁ এনেদৰে ধন ৰপ্তানি কৰাৰ সময়তে এক মোটা অংকৰ ধন কৌশলেৰে আত্মসাত কৰা বুলিও অভিযোগ আছে। সেয়ে এই চিণ্ডিকেটেই তেওঁৰ অপহৰণৰ আঁৰত জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে এই সন্দেহ সত্য হয়নে নহয় সেয়া তেওঁক উদ্ধাৰৰ পাছতে জানিব পৰা যাব।

ইফালে ভাৰতত লোকসভা নিৰ্বাচন চলি থকাৰ বাবে এই সাংসদজনৰ উদ্ধাৰ অভিযানত এছ টি এফে ভালকৈ মনোনিবেশ কৰিব পৰা নাই বুলিও ডিবিৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ঢাকা মেট্ৰ'পলিটান ডিটেকটিভ আৰক্ষীৰ মুৰব্বী আৰু ডি এম পিৰ অতিৰিক্ত আয়ুক্ত হাৰুণ-উৰ-ৰছিদে কয়, "মই দুদিন আগতে বিষয়টোৰ বিষয়ে জানিব পাৰিছিলো। এজন ভাৰতীয় ভদ্ৰলোক যি সাংসদজনৰ পৰিচিত,তেওঁ মোক টেলিফোন কৰিছিল আৰু মোক জনাইছিল যে সাংসদজনক বিচাৰি পোৱা নাই।এই কথা জানিবলৈ পোৱাৰ পিছত, মই ভাৰতীয় বিশেষ টাস্ক ফ'ৰ্চৰ সৈতে যোগাযোগ কৰিছিলো। মই ভাৰতৰ আৰক্ষী থানাকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতেও কথা পাতিছো। আনৱাৰুল আজিমৰ হাতত এটা বাংলাদেশী আৰু এটা ভাৰতীয় নম্বৰ আছিল। ১৬ মে'ত, পুৱা প্ৰায় ৭ বজাত,  তেওঁৰ নম্বৰৰ পৰা দুটা কল গৈছিল। তাৰে এটা কল আহিছিল তেওঁৰ পি এলৈ আৰু আনটো ফোন গৈছিল ঝেনাইদাহ জিলা আৱামী লীগৰ সাধাৰণ সম্পাদক ছাইদুল কৰিম মিণ্টুলৈ। কিন্তু তেওঁলোকৰ কোনেও এই কলৰ সহাৰি দিব নোৱাৰিলে। ভাৰতীয় আৰক্ষীৰ সহায়ত আমি জানিব পাৰিছো যে আনৱাৰুল আজিমৰ ভাৰতীয় নম্বৰৰ শেহতীয়া অৱস্থান হৈছে মুজাফ্ফৰাবাদ, অৰ্থাৎ উত্তৰ প্ৰদেশ। সৰ্বোপৰি, আমিও অনুসন্ধান কৰি আছো। আনৱাৰুল আজিমে মাজে মাজে তেওঁ ব্যৱহাৰ কৰা ফোনটো অন কৰে আকৌ অফ কৰে। কোনে এই কাম কৰি আছে, তেওঁ কোনো ব্লেকমেইলৰ ভুক্তভোগী হৈছে নেকি এই সকলোবোৰ গুৰুত্বসহকাৰে লোৱা হৈছে। আমি ভাৰতীয় আৰক্ষীৰ সৈতে নিৰন্তৰ যোগাযোগত আছো। ভাৰতীয় আৰক্ষীয়েও যথেষ্ট সহযোগিতা কৰিছে।

কলাকাতাত চিকিৎসা কৰিব আহি সন্ধানহীন বাংলাদেশৰ সাংসদঃ অপহৰণ হোৱাৰ সন্দেহ...
কঠীয়াতলীৰ বৰহোলা গাঁৱত অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে ভস্মিভূত বাসগৃহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in