/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
কঠীয়াতলীৰ বৰহোলা গাঁৱত অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে ভস্মিভূত বাসগৃহ...
ডিজিটেল সংবাদ কঠীয়াতলী: নগাঁও জিলাৰ কঠীয়াতলী আৰক্ষী চকীৰ অৰ্ন্তগত বৰহোলা গাঁৱত আজি সংঘটিত এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া সময়ত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে জীৱন বৰা নামৰ লোকজনে ৰঞ্জিত নাথ নামৰ অতি দৰিদ্ৰ লোকজনক সাজি দিছিল এই ঘৰটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/02d47869-d65f-431f-930c-6a3b99eb8252/2381e957-5a91-480a-8189-6f0212aa61c9.jpg)
কিন্তু আজি দিনত হঠাতে এইদৰে ঘৰটো ভস্মিভূত হোৱাত তেওঁ দিশহাৰা হৈ পৰিছে। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে স্থানীয় লোকে আহি জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।
পত্নী আৰু তিনি সন্তানৰ সৈতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ৰঞ্জিত নাথে ক'লৈ যাব, কি কৰিব তাক লৈ চিন্তিত হৈ পৰিছে। ।
Also Read: অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ