প্ৰাক্তন প্ৰধানমন্ত্ৰীক চিকিৎসা প্ৰদান কৰিবলৈ আমেৰিকাৰ পৰা আহিছে ৩ চিকিৎসক...

প্ৰাক্তন প্ৰধানমন্ত্ৰীক চিকিৎসা প্ৰদান কৰিবলৈ আমেৰিকাৰ পৰা আহিছে ৩ চিকিৎসক...

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন প্ৰধানমন্ত্ৰীক চিকিৎসা প্ৰদান কৰিবলৈ আমেৰিকাৰ পৰা আহিছে ৩ চিকিৎসক...

প্ৰাক্তন প্ৰধানমন্ত্ৰীক চিকিৎসা প্ৰদান কৰিবলৈ আমেৰিকাৰ পৰা আহিছে ৩ চিকিৎসক...

ডিজিটেল সংবাদ ঢাকাঃ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ খালেদা জিঞাক চিকিৎসা প্ৰদান কৰিবৰ বাবে ৩ গৰাকীকৈ বিদেশী চিকিৎসকক অনুমতি প্ৰদান কৰিছে। বৰ্তমান হাস্পতালৰ বিচনাত চিকিৎসাধীন অৱস্থাত থকা খালেদা জিঞাক চিকিৎসা প্ৰদান কৰিব আমেৰিকাৰ তিনিগৰাকী চিকিৎসকে।

Advertisment

বাংলাদেশৰ গৃহমন্ত্ৰণালয় আৰু বৈদেশিক মন্ত্ৰণালয়ে খালেদা জিঞাৰ পৰিয়ালৰ আবেদন অনুসৰি এই অনুমতি প্ৰদান কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আত্মীয়ই প্ৰকাশ কৰা অনুসৰি আগন্তুক দুদিনৰ ভিতৰতে আমেৰিকাৰ এই তিনিগৰাকী চিকিৎসকে খালেদাৰ চিকিৎসাত জড়িত হৈ পৰিব।

এই চিকিৎসক তিনিগৰাকী ক্ৰমে ক্ৰিষ্টোছ জৰ্জিয়াডেছ, জেমছ পিটাৰ এডাম হেমিল্টন আৰু হামিদ আহমেদ আব্দুৰ ৰাব। ইয়াৰে এগৰাকী চিকিৎসক ইতিমধ্যে আহি ঢাকাত উপস্থিত হৈছে। আন দুগৰাকী শীঘ্ৰেই আহি উপস্থিত হ'বহি।

উল্লেখ্য যে, ঢাকাৰ ইভাৰকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে খালেদা জিঞা। মঙলবাৰে পুৱা কৰোনেৰী কেয়াৰ ইউনিটৰ পৰা পুনৰ কেবিনলৈ স্থানান্তৰ কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

Also Read: ৫৪ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ অসমৰ ৩ খনকৈ ছবি....

বাংলাদেশ