৫৪ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ অসমৰ ৩ খনকৈ ছবি....

৫৪ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ অসমৰ ৩ খনকৈ ছবি....

author-image
Asomiya Pratidin
New Update
৫৪ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ অসমৰ ৩ খনকৈ ছবি....

৫৪ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ অসমৰ ৩ খনকৈ ছবি....

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ শাৰদীয় বতৰতে আহিল এক ভাল খবৰ। তিনিখনকৈ অসমীয়া ছবি নিৰ্বাচিত হৈছে ৫৪ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ।

Advertisment

ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া, কবি, অভিনেতা তথা পৰিচালক পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা পৰিচালিত ছবি লাচিত (দ্যা ৱাৰিয়ৰ), উৎপলৱ বৰপূজাৰীৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি বৰুৱাৰ সংসাৰ আৰু কেশৰ জ্যোতি দাসৰ দ্বাৰা পৰিচালিত কথাবৰ ছবি তিনিখন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়ালৈ নিৰ্বাচিত হৈছে।

২০ ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ'বলগীয়া ৫৪ সংখ্যক এই আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ দেশৰ মুঠ ২৫ খন ফিছাৰ ফিল্ম আৰু ২০ খন নন ফিছাৰ ফিল্ম নিৰ্বাচিত হৈছে। নিৰ্বাচিত এই ছবিসমূহ ফেষ্টিভেলত প্ৰদৰ্শিত হ'ব।

পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা পৰিচালিত লাচিত (দ্যা ৱাৰিয়ৰ), উৎপল বৰপূজাৰীৰ বৰুৱাৰ সংসাৰ আৰু কেশৰ জ্যোতিৰ কথাবৰ ছবি তিনিখন নন ফিছাৰ ফিল্ম শিতানত নিৰ্বাচিত হৈছে। ছবিদুখন ইণ্ডিয়ান পেনোৰামা শাখত প্ৰদৰ্শিত হ'ব।

উল্লেখ্য যে মহান অসমীয়া বীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে লাচিত (দ্যা ৱাৰিয়ৰ)। ইতিমধ্যে এই চিনেমাখনে বহু খ্যাতি লাভ কৰিছে। বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বঁটাও লাভ কৰিছে।

আনহাতে শতিকা গৰকা অসমৰ এটা বিশেষ ঘৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে 'বৰুৱাৰ সংসাৰ' ছবিখন। ১৯২৩ চনতে অসমীয়া অভিযন্তা চন্দ্ৰনাথ বৰুৱাই সাজি উলিওৱা এই ঘৰটো আছে গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপত।

এই ঘৰটোতেই জন্ম দিছিল বহুকেইজন শিল্পী আৰু খেলুৱৈৰ । ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, ৰমেন বৰুৱা, গিৰীণ বৰুৱা, নীৰেন বৰুৱা, দ্বীপেন বৰুৱাৰ দৰে বিখ্যাত শিল্পীৰ জন্ম হৈছিল এই বাসগৃহত ৷

এই ঘৰতেই আৰম্ভ কৰা হৈছিল ২৯ খনকৈ অসমীয়া ছবিৰ পৰিকল্পনা। হেমাংগ বিশ্বাস, সলিল চৌধুৰী, বলৰাজ চাহানীৰ পৰা হেম বৰুৱালৈকে সকলোৰে আড্ডাস্থলী আছিল এই ঘৰ।

১০০ বছৰীয়া বৰ্ণাঢ্য ইতিহাস সোঁৱৰাই থকা এই ঘৰটোৰ আধাৰতে চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰিছিল 'বৰুৱাৰ সংসাৰ' তথ্যচিত্ৰখন। এই তথ্যচিত্ৰখনো এইবাৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত হ’ব ।

Also Read: প্ৰতিদিন টাইমৰ 'TRENDS শাৰদী শ্রেষ্ঠ-২০২৩'প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল