বৈষম্য বিৰোধী আন্দোলনত জ্বলিছে বাংলাদেশঃ চৰকাৰ ভংগৰ এক দফীয়া দাবী

সৰ্বগ্ৰহণযোগ্য জাতীয় চৰকাৰ গঠনৰ দাবী বিক্ষোভকাৰীৰ
বৈষম্য বিৰোধী আন্দোলনত জ্বলিছে বাংলাদেশঃ চৰকাৰ ভংগৰ এক দফীয়া দাবী
Published on
Updated on

মাছুম বিল্লাহ, ঢাকাঃ শান্ত হোৱা নাই বাংলাদেশ। শাওনৰ বৰষুণৰ মাজতো বিক্ষোভত ফাতি পৰিছে বাংলাদেশৰ ৰাজধানী ঢাকা। সংৰক্ষণ সংস্কাৰৰ দাবীৰে আৰম্ভ হোৱা আন্দোলনত এতিয়া চৰকাৰ ভংগৰ শ্লোগান উঠিছে। আন্দোলনকাৰী শিক্ষাৰ্থী আৰু এই আন্দোলনৰ সমৰ্থকসকলে এইবাৰ শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ এক দফীয়া দাবী উত্থাপন কৰিছে। তাৰোপৰি তেওঁলোকে জাতীয় চৰকাৰ গঠনৰ দাবী জনাইছে।   

দেশখনত সৃষ্টি হোৱা এনে আন্দোলনৰ মাজতে প্ৰতবাদী শিক্ষাৰ্থীৰে আলোচনাত বহিবলৈ বিচাৰিছিল প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। পিছে আন্দোলনকাৰী শিক্ষাৰ্থীসকলে এই আলোচনাক প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। দেওবাৰৰ পৰা সমগ্ৰ দেশখনতে চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ আহ্বান কৰিছে শিক্ষাৰ্থীসকলে।

শনিবাৰে ঢাকাসহ দেশখনৰ বিভিন্ন স্থানত আন্দোলনকাৰীয়ে আন্দোলন কৰি একপ্ৰকাৰে দেশখনক স্থবীৰ কৰি তুলিছিল। তাৰ পিছত দেওবাৰে ঢাকাত থকা কেন্দ্ৰীয় ছহিদ মিনাৰত বিক্ষোভ সমাবেশ সম্বোধন কৰি বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সমন্বয়ক মহম্মদ নাহিদ ইছলামে এক দফীয়া ঘোষণা পত্ৰত উল্লেখ কৰি কয়, যিহেতু বৰ্তমানৰ চৰকাৰৰ নিৰ্দেশতে নিৰ্বিচাৰে গণহত্যা সংঘটিত হৈছে, নাৰী, শিশু, ছাত্ৰ, শিক্ষক, শ্ৰমিক কোনোৱেই এই গণহত্যাৰ পৰা ৰেহাই পোৱা নাই; যিহেতু চৰকাৰে এই হত্যা যজ্ঞৰ বিচাৰ কৰাৰ পৰিবৰ্তে নিৰ্বিচাৰে ছাত্ৰ-জনতাক গ্ৰেপ্তাৰ আৰু নিৰ্যাতন কৰিছে; যিহেতু চৰকাৰে আইন শৃংখলা ৰক্ষাকাৰী বাহিনীয়ে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি হত্যা যজ্ঞ সংঘটিত কৰিছে; যিহেতু ছাত্ৰ-শিক্ষক-শ্ৰমিকসহ জনসাধাৰণে বিশ্বাস কৰিছে এই চৰকাৰৰ অধীনত নিৰপেক্ষ বিচাৰ আৰু তদন্ত সম্ভৱ নহয় সেয়েহে আমি বৰ্তমানৰ স্বৈৰাচাৰী চৰকাৰৰ পদত্যাগৰ এক দফীয়া দাবী ঘোষণা কৰিছোঁ। ইয়াৰ লগতে সকলোৰে গ্ৰহণযোগ্য এজন ব্যক্তিৰ নেতৃত্বত এখন গ্ৰহণযোগ্য আৰু অন্তৰ্ভুক্তিমূলক জাতীয় চৰকাৰ গঠনৰ দাবী জনাইছো।

ইয়াৰ পূৰ্বে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বান কৰা বিক্ষোভ কাৰ্যসূচীত ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত একত্ৰিত হয় শিক্ষাৰ্থীসহ অসংখ্য বিক্ষোভকাৰী। ছহিদ মিনাৰত শনিবাৰে বিয়লিৰ পৰাই একত্ৰিত হ’বলৈ আৰম্ভ কৰিছিল শিক্ষাৰ্থী আৰু বিভিন্ন শ্ৰেণীৰ নাগৰিক। বৰষুণৰ বাধাকো আঁতৰাই দুপৰীয়া ১২ বজাৰ পৰা বিক্ষোভকাৰীসকল একত্ৰিত হবলৈ আৰম্ভ কৰে। ৩ বজালৈকে সেই স্থানত সমবেদ বিক্ষোভকাৰীৰ সংখ্যা কেইবা হাজাৰলৈ বৃদ্ধি পায়। দেওবাৰে পুৱাই ঢাকাৰ বিভিন্ন প্ৰান্তৰ পৰা বিক্ষোভকাৰীয়ে প্ৰতিবাদী মিছিল তৈয়াৰ কৰি কেন্দ্ৰীয় ছহিদ মিনাৰলৈ আহে।

ঢাকাৰ উপৰিও দেওবাৰে দেশখনৰ বিভিন্ন স্থানত বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ বেনাৰত বিক্ষোভ মিছিল আৰু সমাবেশ অনুষ্ঠিত হৈছে। বিভিন্ন স্থানত আন্দোলনকাৰীৰ ওপৰত আৰক্ষী আৰু শাসকীয় দলৰ সমৰ্থকে আক্ৰমণ কৰাৰ লগতে গুলী চালনা কৰাৰো ঘটনা সংঘটিত হৈছে। ফলত বহু বিক্ষোভকাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।

দেশখনৰ এনে এক জটিল পৰিস্থিতিত চৰকাৰে অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে সকলো প্ৰাথমিক বিদ্যালয়। দেশখনৰ প্ৰাথমিক আৰু গণশিক্ষা মন্ত্ৰীগৰাকীয়ে দেওবাৰৰ পৰাই কাৰ্যকৰী হোৱাকৈ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছে।

বৈষম্য বিৰোধী আন্দোলনত জ্বলিছে বাংলাদেশঃ চৰকাৰ ভংগৰ এক দফীয়া দাবী
টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰৰ ভূমি পূজন সম্পূৰ্ণঃ ৩০ হাজাৰ লোকৰ সংস্থাপনৰ আশা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in