ডিজিটেল ডেস্কঃ মৰিগাওঁ জিলাৰ জাগীৰোডত টাটা গ্ৰুপে স্থাপন কৰিব লোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আজি ভূমি পূজন সম্পন্ন হৈ যায়। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা গ্ৰুপৰ মুখ্য প্ৰৱন্ধক নৱৰাজন চন্দ্ৰ শেখৰে ভূমি পূজনৰ অনুষ্ঠান শুভাৰম্ভ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভূমি পূজন কৰা এই অনুষ্ঠানত নিজৰ ভাষণত আজিৰ দিনটোক অসমৰ বাবে এক ঐতিহালিক দিন বুলি ঘোষণা কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বতটাটা গ্ৰুপৰ মুখ্য প্ৰৱন্ধকে ১৫ বছৰৰ পূৰ্বে অসমত টাটা কোম্পানীৰ উদ্যোগ স্থাপন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। অসমত টাটাৰ উদ্যোগ স্থাপনৰ বাবে ভাৰত চৰকাৰৰো সহযোগিতা বিচাৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমত টাটা গ্ৰুপে উদ্যোগ স্থাপনৰ বাবে এখোজ আগবাঢ়িলে কেন্দ্ৰ দুখোজ আগবাঢ়িব বুলি প্ৰতিশ্ৰুতি দিছিল। অসমত এনে এটা বৃহৎ প্ৰকল্প লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসমবাসীৰ হৈ টাটাৰ মুখ্য প্ৰৱন্ধকগৰাকীক অনুষ্ঠানতে কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে, জাগীৰোডৰ হিন্দুস্তান কাগজ কল অসম চৰকাৰে ক্ৰয় কৰাৰ পাছত ইয়াৰ ১৭০ এক ভূমি টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ স্থাপনৰ বাবে ৬০ বছৰলৈ লীজত দিছে অসম চৰকাৰে। অসম চৰকাৰৰ উদ্যোগ নিগমৰ উন্নয়নৰ সহযোগিতাত টাটা গ্ৰুৰে এই ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে।
এই প্ৰকল্পৰ মুঠ ব্যয় হব ২৭ হাজাৰ কোটি টকা। এই প্ৰকল্পত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে মুঠ ৩০ হাজাৰ লোকে সংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে।ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১৩ মাৰ্চতে এই ব্যবহুল প্ৰকল্পৰ শিলন্যাস সম্পন্ন কৰিছে।
অনুষ্ঠানত টাটা গ্ৰুপৰ আন কেইবাজনো শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী ক্ৰমে পীযুষ হাজৰীকা, যোগেন মহন, বিমল বড়া, নন্দিতা গাৰ্লোছা, ইউ জি ব্ৰহ্ম উপস্থিত থাকে। তাৰোপৰি অসম চৰকাৰৰ মুখ্য সচিব আই এ এছ ৰবী কোটাৰ লগতে কেইবাজনো শীৰ্ষ বিষয়া, মৰিগাওঁ জিলাৰ আয়ুক্ত, স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, ৰহাৰ বিধায়ক শশীকান্ত দাস, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত থাকে৷