/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/035982af-801c-4134-8302-ce698bc2de32/cyclone.jpg)
bangladesh cyclone
ডিজিটেল ডেস্ক: বাংলাদেশত সামুদ্রিক ধুমুহা চিত্রাঙৰ তাণ্ডৱ।বৰ্তমান পৰ্যন্ত সামুদ্রিক ধুমুহাৰ ফলত ১৪খন জিলাৰ প্ৰায় ২০জন লোকৰ মৃত্যু হয়।
মঙলবাৰৰ তথ্য অনসৰি বাংলাদেশত ঘূৰ্ণীবতাহৰ ফলত কমেও বহু সংখ্যক লোকৰ মৃত্যু হোৱাৰ উপৰিও বহু লোকে নিজৰ বাসস্থান এৰি অন্য স্থানলৈ স্থানান্তৰ হৈছে।
১৫খন উপকূলীয় জিলাত প্ৰায় ১০ লাখ লোক বিদ্যুতৰ সেৱা লাভ কৰা নাছিল। লগতে বিদ্যালয় সমূহো বন্ধ কৰি দিয়া হৈছিল।
উল্লেখ্য যে, এতিয়াও এই ধুমুহাৰ তাণ্ডৱ অব্যাহত আছে। ইয়াৰ প্ৰভাৱ চুবুৰীয়া ৰাষ্ট্ৰ সমূহতো পৰা দেখা যায়। অসমতো ইয়াৰ প্ৰভাৱ কম বেছি পৰিমাণে পৰিছে যাৰ বাবে অসমত বৃষ্টিপাত হৈ থকা দেখিবলৈ পোৱা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us