নৱবৰ্ষৰ প্ৰথমটো দিনত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰা ইণ্ডোনেছিয়াৰ বালি

author-image
Asomiya Pratidin
New Update
নৱবৰ্ষৰ প্ৰথমটো দিনত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰা ইণ্ডোনেছিয়াৰ বালি

ডিজিটেল ডেস্ক : ২২ মাৰ্চ, ২০২৩ত বালিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিলে ন্যেপী অৰ্থাৎ নৱবৰ্ষ । কিন্তু নৱবৰ্ষৰ প্ৰথমটো দিনত অইন স্থান সমূহৰ দৰে নৱবৰ্ষক আদৰা হাই-উৰুমি নাই, সকলো শান্ত । যেন এক শব্দবিহীন জগত । ৰাজপথত নাই ভিৰ । নাগৰিকসকল নিজৰ নিজৰ বাসগৃহত, আনকি বালিলৈ যোৱা পৰ্যটক সকলেও কৰিব নোৱাৰে কোনো ধৰণৰ শব্দ ।

Advertisment

চলিত বৰ্ষতো ২২ ম‍াৰ্চত বালিয়ে উদযাপন কৰিলে ন্যেপী । কেৱল ৰাজপথেই নহয় বৰং বিমানবন্দৰ পৰ্যন্ত বন্ধ ন্যেপীৰ দিনা । ৰাজপথত দেখা নাযায় কোনো ধৰণৰ যান-বাহন, সকলো কল-কাৰখানা সেইদিনা বন্ধ । যি বালিৰ অৰ্থনীতিৰ মূল উৎসই হ'ল পৰ্যটক । ২০২২ বৰ্ষত প্ৰায় ৩ লাখ ৭৭ হাজাৰ পৰ্যটকৰ সমাৱেশ ঘটিছিল বালিলৈ, সেই পৰ্যটক সকলৰ বাবেও ২৪ ঘন্টাৰ বাবে বন্ধ বিমান বন্দৰ । সূৰ্যাস্তৰ পিছত পৰ্যটক সকলৰ বাবে বিজুলীবাতি জ্বলাই সজাই পৰাই তোলা নহ'ল দেশখনক ।

কিন্তু কিয় ? কিয় ন্যেপীৰ দিনা সম্পূৰ্ণৰূপে নিৰৱ বালি ? ইয়াৰ অন্তৰালত আছে এক ৰহস্য ।

যদিওবা ন্যেপীক আদৰিবলৈ কেইবাদিনো পূৰ্বৰ পৰাই বালিত চলোৱা হয় প্ৰস্তুতি কিন্তু ন্যেপীৰ এনিশা পূৰ্বেই সমাপ্তি ঘটে এইবোৰৰ । প্ৰস্তুতিৰ সময়ছোৱাত ৰমকজমকৈ সজাই পৰাই তোলা হয় বালিক, চৌদিশে 'গামেলান'ৰ শব্দ, ৰং বিৰঙী সাজসজ্জা, 'মেলাস্তি'ৰ প্ৰস্তুতি । এই মেলাস্তি হৈছে এক শুদ্ধিকৰণ প্ৰক্ৰিয়া যি ন্যেপীৰ ৩-৪ দিন পূৰ্বে অনুষ্ঠিত কৰা হয় । য'ত সমগ্ৰ বালিৰ সহস্ৰাধিক নাগৰিকে বগা বস্ত্ৰ পৰিধান কৰি মন্দিৰৰ পৰা ইষ্টদেৱতাৰ অৰ্চনাৰ সামগ্ৰীসমূহ শুদ্ধি কৰাবৰ বাবে লৈ যায় সমুদ্ৰলৈ ।

ন্যেপীৰ বহু দিন পূৰ্বে বালিৰ লোকসকলে বাঁহেৰে তৈয়াৰ কৰে কিছু অদ্ভুত আকৃতিৰ জীৱ । এই সমূহ হৈছে 'অগহ-অগহ' অৰ্থাৎ অপশক্তি । ন্যেপীৰ এটা নিশা পূৰ্বে এই 'অগহ-অগহ'ক সমগ্ৰ বালি পৰিভ্ৰমণ কৰোৱা হয় বিভিন্ন ধৰণৰ শব্দেৰে । জনশ্ৰুতি অনুসৰি, এই শব্দ আৰু অগহ-অগহে সকলো অপশক্তিৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বালিলৈ অপশক্তিবোৰ আকৰ্ষিত হৈ নামি আহে । কিন্তু আহি বালিৰ লোকসকলে অৱলম্বন কৰা সম্পূৰ্ণ নীৰৱতাৰ বাবে স্থান সমূহ পৰিত্যক্ত বুলি ভাবি আতৰি যায় । যাৰ ফলত এটা বছৰলৈ কোনো ধৰণৰ অপশক্তি উভতি নাহে বালিলৈ ।

এই বাবেই ২২ মাৰ্চত সম্পূৰ্ণ নিৰৱতাত বুৰ গ'ল বালি ।

Also Read: অসমীয়া প্ৰতিদিনৰ দিল্লীৰ ব্যুৰ চীফ আশীষ গুপ্তলৈ 'ক্লাইমেট ৱাৰিয়ৰ বঁটা'

bali