৭ বছৰৰ বাবে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ আং চান ছ্যু কীক

৭ বছৰৰ বাবে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ আং চান ছ্যু কীক

ডিজিটেল ডেস্ক : বিশ্ববিশ্ৰুত গণতান্ত্ৰিক নেত্ৰী আং ছান ছ্যু কীক দেশখনৰ এখন সামৰিক আদালতে আৰু ৭ বছৰৰ বাবে কাৰাদণ্ড বিহিছে । ইয়াকে ধৰি বিভিন্ন অপৰাধত বিহা তেওঁৰ কাৰাদণ্ড ৩৩ বছৰলৈ বৃদ্ধি পালে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীত সামৰিক শাসকে অভ্যুত্থানৰ জৰিয়তে দেশখনৰ শাসন পুনৰ দখলৰ পিচৰে পৰা ছ্যু কীক গৃহবন্দী কৰি ৰাখিছে । বিগত ১৮  মাহত তেওঁৰ বিৰুদ্ধে ১৯ টা অভিযোগৰ বিচাৰ চলিছে । আজি আদালতে ৫টা অভিযোগত ছ্যু কীক দোষী সাব্যস্ত কৰি শাস্তি বিহে । মন্ত্ৰী হৈ থকা কালত হেলিকপ্টাৰ ভাড়া লোৱাৰ সময়ত চৰকাৰী নিয়ম উলংঘন কৰাৰ দোষত তেওঁক আদালতে দোষী সাব্যস্ত কৰে ।

ইয়াৰ পূৰ্বেও ছ্যু কীক ক'ভিড নীতি উলংঘন, ৱাকী-টকীৰ আমদানি আদি ১৪ টা অপৰাধত সামৰিক আদালতে দোষী সাব্যস্ত কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in