নৱবৰ্ষত ২৩.৫৮% বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এ পি ডি চি এলৰ

নৱবৰ্ষত ২৩.৫৮% বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এ পি ডি চি এলৰ

ডিজিটেল ডেস্ক : নৱবৰ্ষত ৰাজ্যবাসীলৈ আন এক উপহাৰৰ প্ৰস্তাৱ এ পি ডি চি এলৰ । সততেই ৰাজ্যবাসীক মাধমাৰ শোধাই অহাত পাকৈত এ পি ডি চি এলে নৱবৰ্ষত ২৩.৫৮% শতাংশ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে বিদ্যুৎ বিতৰণ কোম্পানীটোৱে । কোম্পানীটোৱে অহা ২০২৩-২৪ বৰ্ষৰ বাবে এই প্ৰস্তাৱ ইতিমধ্যে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে । অৱশ্যে এইবাৰ গ্ৰাহকভেদে বিদ্যুৎ মাচুল বেলেগ বেলেগকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে ।

সেই অনুসৰি, প্ৰতি মাহে ০-১২০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ বিপৰীতে প্ৰতি ইউনিটত ১.২৫ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । আনহাতে, প্ৰতি মাহে ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে ১.৩৫ টকাকৈ বৃদ্ধি কৰা হ'ব মাচুল । ইয়াৰ ওপৰিও মাহে ২৪১ অথবা তাতোকৈ বেছি ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১.৭০ টকাকৈ বৃদ্ধি কৰা হ'ব মাচুল ।

উল্লেখযোগ্য যে, যোৱা ২৮ ডিছেম্বৰত এ পি ডি ছি এলে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বিদ্যুৎ মাচুল ৩০ পইচাকৈ বৃদ্ধি কৰিছিল । কিন্তু শেহতীয়াকৈ ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ অহা ২০২৩-২৪ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ২৩.৫৮% বৃদ্ধিৰ প্ৰস্তাৱ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in