হামাছৰ ইজৰাইল আক্ৰমণঃ ৭ নেপালী ছাত্ৰ আহত, বন্দী ১০ জন...

হামাছৰ ইজৰাইল আক্ৰমণঃ ৭ নেপালী ছাত্ৰ আহত, বন্দী ১০ জন...
হামাছৰ ইজৰাইল আক্ৰমণঃ ৭ নেপালী ছাত্ৰ আহত, বন্দী ১০ জন...

ডিজিটেল ডেস্কঃ পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠন হামাছে মাত্ৰ ২০ মিনিটত গাজাৰ পৰা ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰি আন এখন যুদ্ধৰ সূত্ৰপাত কৰিলে। হামাছৰ এই আক্ৰমণৰ পাছতে ইজৰাইল চৰকাৰে বিদ্ৰোহী গোটটোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে।

এই যুদ্ধত চুবুৰীয়া নেপালৰ শিক্ষাৰ্থীও আহত হৈছে। ইজৰাইলত থকা নেপালৰ দূতাবাসে দাবী কৰা অনুসৰি হামাছৰ আক্ৰমণত ইজৰাইলত অধ্যয়ন কৰি থকা নেপালৰ ৭ জনকৈ ছাত্ৰ আহত হৈছে। ইফালে এই পৰ্যন্ত উগ্ৰপন্থী সংগঠনটোৱে ১৭ জনকৈ লোকক বন্দী বনাইছে বুলি খবৰ আহিছে।

ইজৰাইলস্থিত নেপালৰ ৰাষ্ট্ৰদূত কান্তা ৰিজালে দাবী কৰা অনুসৰি ৭ জন নেপালী ছাত্ৰ আহত হোৱাৰ উপৰিও ১০ জনক উগ্ৰপন্থী দলটোৱে বন্দী কৰি ৰাখিছে।যুদ্ধ চলি থকাৰ বাবে তেওঁলোকৰ সৈতে কোনো সংযোগ স্থাপন কৰিব পৰা নাই। অৱশ্যে এই সকলোকে হোষ্টেলতহে বন্দী কৰি থোৱা আছে।

শনিবাৰে বিদ্ৰোহী সংগঠনটোৱে কৰা আক্ৰমণত অতি কমেও ২২ জনকৈ ইজৰাইলী লোক নিহত হৈছে। গুৰুতৰ ভাৱে আহত হৈছে ৭০ জনকৈ লোক। সৰ্বোপৰি আহতৰ সংখ্যা ৫৫০ ৰো অধিক। এই আক্ৰমণ পুৱা ৬-৩০ বজাৰ পৰা আৰম্ভ হৈছিল।

উল্লেখ্য যে, ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘৰ্ষ কোনো নতুন কথা নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া মুছলমান দেশসমূহে জন্মৰ পৰাই ইহুদী দেশখনক ধ্বংস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এতিয়ালৈকে দুয়ো পক্ষৰ মাজত কেইবাখনো যুদ্ধ সংঘটিত হৈছে। উগ্ৰপন্থী গোট হামাছে আজি পুনৰ আক্ৰমণত এই যুদ্ধৰ সূত্ৰপাত হৈছে।

হামাছৰ ইজৰাইল আক্ৰমণঃ ৭ নেপালী ছাত্ৰ আহত, বন্দী ১০ জন...
পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীৰে ধেমাজিত প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in