পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীৰে ধেমাজিত প্ৰতিবাদ...

পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীৰে ধেমাজিত প্ৰতিবাদ...
পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীৰে ধেমাজিত প্ৰতিবাদ...

ডিজিটেল সংবাদ ধেমাজিঃ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত শনিবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈকে তিনি ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ প্ৰায় দুই শতাধিক কৰ্মচাৰীয়ে হাতে - হাতে বেনাৰ,পোষ্টাৰ,প্লে'কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে ৷

নতুন পেঞ্চন নীতিয়ে চৰকাৰী কৰ্মচাৰীসকলক ক্ষতিসাধন কৰাৰ অভিযোগ কৰি কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কৰিছিল যদিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এয়া কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, ইয়াত ৰাজ্য চৰকাৰৰ কৰণীয় নাই বুলি গা এৰা মন্তব্য কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি কৰ্মচাৰী পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে৷

কাৰ্য্যসূচীৰ অন্তত ধৰ্মঘটস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিব্য দত্তৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই বক্তব্য ৰাখে সদৌ গাওঁ পঞ্চায়ত সচিব সন্থাৰ জিলা সমিতিৰ সভাপতি নবীন ভৰালী, ধেমাজি জিলা ফামাৰ্চী সন্থাৰ সভাপতি গকুল চেতিয়া, ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ক্ষীৰোদ গগৈ আৰু সম্পাদক অভিজিৎ কোচঁ, ধেমাজি জিলা হাইস্কুল শিক্ষক সন্হাৰ সভাপতি দেৱ খনিকৰকে ধৰি কৰ্মচাৰী পৰিষদৰ বহু কেইগৰাকী বিষয়ববীয়াই৷

প্ৰতিবাদকাৰীসকলৰ দাবী চৰকাৰে মানি ন'ললে আগন্তুক দিনত ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীৰে ধেমাজিত প্ৰতিবাদ...
পূৰ্ণাংগ বজালী জিলাৰ দাবীত পুনৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in