/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1d0be4a8-01e3-41a5-a934-e3ebd5bdd0c7/boat_18.jpg)
ইটালীৰ উপকূলত ডুবিল জাহাজঃ ৬০ জনৰো অধিক সন্ধানহানী, ১১ জনৰ মৃতদেহ উদ্ধাৰ...
দক্ষিণ ইটালীৰ উপকূলত দুখন জাহাজ ডুবি অতি কমেও ১১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰি সন্ধানহীন হৈ আছে ৬০ জনৰো অধিক লোক। এই ঘটনা সন্দৰ্ভত ক্ষয়-ক্ষতিৰ তথ্য দিছে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই থকা উদ্ধাৰকাৰী দলে।
ঘটনা সন্দৰ্ভত জাৰ্মান দাতব্য সংস্থা ৰেচকিউশ্বিপে কয়, সোমবাৰে লাম্পেডুচা দ্বীপত জাহাজ দুৰ্ঘটনাৰ পাছত ৫১ জন লোকক ডুব যোৱাৰ পৰা উদ্ধাৰ কৰিছে। ইয়াৰোপৰি তেওঁলোকে এখন কাঠৰ নাওৰ ডেকৰ পৰা ১০ টা মৃতদেহ উদ্ধাৰ কৰিছে।
আনহাতে চিকিৎসা ক্ষেত্ৰৰ স্বতন্ত্ৰ সংস্থা ডক্টৰছ উইদাউট ব্ৰাডাৰ্ছ (এম এছ এফ)য়ে কয় যে, এই ঘটনাত ৬০ জনৰো অধিক লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। য'ত ২৬ টা শিশুৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
উল্লেখ্য যে, এই জাহাজত লিবিয়া আৰু তুৰস্কৰ পৰা প্ৰবজনকাৰী কঢ়িয়াই আনিছিল। উদ্ধাৰকাৰীসকলে যিসকল যাত্ৰীক উদ্ধাৰ কৰিছে তেওঁলোকক ইটালীৰ উপকূলৰক্ষী বাহিনীক হস্তান্তৰ কৰা হৈছে। আনহাতে উদ্ধাৰ হোৱা মৃতদেহসমূহ সাগৰৰ পাৰলৈ প্ৰেৰণ কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংগঠন ইউ এন এইছ আৰ চি, ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ মাইগ্ৰেচন আৰু ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা ইউনিচেফে এক যুটীয়া বিবৃতিত এই সন্দৰ্ভত লিবিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰা এই জাহাজখনত চিৰিয়া, ইজিপ্তি, পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে যাত্ৰা কৰিছিল।
মন কৰিবলগীয়া যে, ভূমধ্য সাগৰক পৃথিৱীৰ আটাইতকৈ বিপদজনক পথ হিচাপে গণ্য কৰা হয়।ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ২০১৪ চনৰ পৰা এই পথত ২৩,৫০০ ৰো অধিক লোক নিহত বা নিৰুদ্দেশ হৈছে।
Also Read: কেশৱ মহন্তৰ পৰা আঁতৰিল স্বাস্থ্য বিভাগঃ পৰিবহণ, আৱকাৰী, মীন আদিৰ নতুন দায়িত্ব