কেশৱ মহন্তৰ পৰা আঁতৰিল স্বাস্থ্য বিভাগঃ পৰিবহণ, আৱকাৰী, মীন আদিৰ নতুন দায়িত্ব

মুখ্যমন্ত্ৰীয়ে নিজেই চম্ভালিব স্বাস্থ্য, পৰিয়াল কল্যাণ বিভাগ
কেশৱ মহন্তৰ পৰা আঁতৰিল স্বাস্থ্য বিভাগঃ পৰিবহণ, আৱকাৰী, মীন আদিৰ নতুন দায়িত্ব
কেশৱ মহন্তৰ পৰা আঁতৰিল স্বাস্থ্য বিভাগঃ পৰিবহণ, আৱকাৰী, মীন আদিৰ নতুন দায়িত্ব
Published on
Updated on

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে আজি অসম মন্ত্ৰীসভাৰ কিছু সাল সলনি কৰা হয়। সেই অনুসৰি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কেশৱ মহন্তৰ হাতৰ পৰা সেই দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতলৈ নিয়া হৈছে।

ইয়াৰ বিপৰীতে কেশৱ মহন্তক দিয়া হৈছে পৰিবহণ, আৱকাৰী,মীন, বিজ্ঞান-প্ৰযুক্তি- জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগ। উল্লেখ্য যে, পূৰ্বে পৰিবহণ, আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি আছিল পৰিমল শুক্লবৈদ্যই।

যিহেতু শুক্লবৈদ্য শিলচৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছ সেয়ে তেওঁ অসম মন্ত্ৰীসভাৰ লগতে অসম বিধানসভাৰ পৰাও পদত্যাগ কৰিছে। সেয়ে তেওঁৰ হাতত থকা বিভাগসমূহৰ দায়িত্ব কেশৱ মহন্তক প্ৰদান কৰি মহন্তৰ হাতত থকা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিছে।

মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেও এই বিভাগৰ দায়িত্বত দীৰ্ঘ সময়ৰ বাবে আছিল হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হাতত আছে গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস, সংস্কৃতিৰ উপৰিও মন্ত্ৰীক বিতৰণ নকৰা অন্যান্য বিভাগসমূহ।

কেশৱ মহন্তৰ পৰা আঁতৰিল স্বাস্থ্য বিভাগঃ পৰিবহণ, আৱকাৰী, মীন আদিৰ নতুন দায়িত্ব
বৰাকে মাতিছে বিপদঃ যিকোনো সময়তে চিঙিব পাৰে বেৰেংগা মথাউৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in