বজাৰৰ পৰা আষ্ট্ৰাজেনেকাই উঠাই নিছে কোভিশ্বিল্ডকে ধৰি সকলো ভেকচিন...

কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ সৃষ্টি হৈছে আতংক
বজাৰৰ পৰা আষ্ট্ৰাজেনেকাই উঠাই নিছে কোভিশ্বিল্ডকে ধৰি সকলো ভেকচিন...
বজাৰৰ পৰা আষ্ট্ৰাজেনেকাই উঠাই নিছে কোভিশ্বিল্ডকে ধৰি সকলো ভেকচিন...

ডিজিটেল ডেস্কঃ বিশ্বজুৰি আষ্ট্ৰাজেনেকাৰ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ আতংক অব্যাহত থকাৰ সময়তে বজাৰৰ পৰা প্ৰতিষ্ঠানটোৱে তৈয়াৰ কৰা ভেকচিনসমূহ ঘূৰাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ মাজত আছে ভাৰতত বহুলভাৱে ব্যৱহাৰ হোৱা কোভিডৰ ভেকচিন কোভিশ্বিল্ডো।

দ্যা টেলিগ্ৰাফাত প্ৰকাশিত এটা বাতৰিত দাবী কৰা হৈছে যে, সমগ্ৰ দেশৰ বজাৰৰ পৰা আষ্ট্ৰাজেনেকাৰ দ্বাৰা তৈয়াৰ কৰা ভেকচিনসমূহ উঠাই নিছে। এই ভেকচিনসমূহৰ ভিতৰত আছে ভেক্সজেভৰিয়া, কোভিশ্বিল্ডকে ধৰি আন কেতবোৰ ভেকচিন যিসমূহক লৈ প্ৰশ্ন উত্থাপন হৈছে।

শেহতীয়াকৈ এই প্ৰতিষ্ঠানটোৱে কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ পিছতে সম্প্ৰতি বজাৰৰ পৰা এই ভেকচিনসমূহ উঠাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও অৱশ্যে এই ভেকচিনসমূহ উঠাই নিয়াৰ কাৰণ বেলেগহে ব্যাখ্যা কৰিছে।

সংস্থাটোৰ দাবী বিশ্বৰ বজাৰত বৰ্তমান এই ভেকচিনৰ চাহিদা হ্ৰাস পোৱাত সম্পূৰ্ণ বাণিজ্যিক কাৰণতে বজাৰৰ পৰা এইসমূহ উঠাই নিয়া হৈছে। ইয়াৰ সৈতে পাৰ্শ্বক্ৰিয়াৰ কোনো সম্পৰ্ক নাই।

প্ৰকাশিত খবৰ অনুসৰি আষ্ট্ৰাজেনেকাই যোৱা ৫ মে’ত বজাৰৰ পৰা তেওঁলোকৰ ভেকচিন ঘূৰাই নিবলৈ আবেদন কৰিছিল। ইয়াৰ পিছত ৭ মে’ৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰোপৰি ইউৰোপত কোভিড ভেকচিনৰ বজাৰ অনুমোদনো প্ৰত্যাহাৰ কৰিছে আষ্ট্ৰাজেনেকাৰ তৰফৰ পৰা।

শেহতীয়াকৈ ব্ৰিটেইনৰ ন্যায়ালয়ত এই ভেকচিনৰ ভয়াৱহতাৰ কথা স্বীকাৰ কৰিছে আষ্ট্ৰাজেনেকাই। ইয়াৰ পিছতে বিশ্বজুৰি বিশেষকৈ ভাৰতত কোভিশ্বিল্ডক লৈ আতংক আৰম্ভ হৈছে।

আদালতত আষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছে কোভিশ্বিল্ড ভেকচিনৰ বাবে টিটিএছৰ দৰে বিৰল ৰোগ হ’ব পাৰে। কি কাৰণতে এইধৰণৰ পাৰ্শ্বক্ৰিয়া হৈছে সেই লৈ বিশেষজ্ঞই পৰীক্ষা অব্যাহত ৰাখিছে।

অৱশ্যে আষ্ট্ৰাজেনেকাই এইটোও দাবী কৰিছে যে কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ হাৰ যথেষ্ট কম। সাৰ্বজনিনভাৱে এই ভেকচিন নিৰাপদ আৰু কাৰ্যকৰী।প্ৰতিষ্ঠানটোৰ এই দাবীৰ পিছতো অৱশ্যে কোভিশ্বিল্ডক লৈ আতংক হ্ৰাস পোৱা নাই।

এই কথা নিশ্চিত হৈছে যে, এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শৰীৰৰ বিভিন্ন স্থানত তেজ গোট খাব পাৰে। ফলত শৰীৰ বিভিন্ন অংগ যেনে মগজু, পেট, ভৰি আদিৰ অসহ্য যন্ত্ৰণা, ভৰি ফুলি যোৱা, উশাহত কষ্ট পোৱা, অজ্ঞান হৈ পৰা আদিৰ দৰে ৰোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক।

বজাৰৰ পৰা আষ্ট্ৰাজেনেকাই উঠাই নিছে কোভিশ্বিল্ডকে ধৰি সকলো ভেকচিন...
কাৰ ওপৰত জনতাৰ আস্থা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in