কাৰ ওপৰত জনতাৰ আস্থা?

কাৰ ওপৰত জনতাৰ আস্থা?
কাৰ ওপৰত জনতাৰ আস্থা?

অসমৰ পৰা কোন কোন যাব দিল্লীলৈ? সংসদত অসমৰ প্ৰতিনিধি হিচাপে ১৪ জন সাংসদৰ ভিতৰত কোন কোন থাকিব? এই সিদ্ধান্ত ল'লে অসমৰ ভোটাৰ ৰাইজে। বহু আশা, আকাংক্ষা, ক্ষোভ, হতাশা তথা নতুনত্বৰ সন্ধানেৰে এইবাৰ ভোট দিলে অসমৰ ভোটাৰ ৰাইজে।

দেশত এইবাৰ মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰে ৩ টা পৰ্যায় আজি অন্ত পৰিল। সমান্তৰালকৈ অসমতো অন্ত পৰিল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

অসমত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায় আৰু ৭ মে'ত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ল। প্ৰথম পৰ্যয়াত যোৰহাট, শিৱসাগৰ, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙাকে ধৰি ৫ টা, দ্বিতীয় পৰ্যায়ত নগাওঁ, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু দৰং ওদালগুৰিকে ধৰি ৫ টা আৰু তৃতীয় পৰ্যায়ত ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটীকে ধৰি ৪ টা সমষ্টিত অনুষ্ঠিত হ'ল ভোটগ্ৰহণ।

এইবাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ লগতে নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটোৱেই শান্তিপূৰ্ণ বুলি ক'ব পাৰি। নিৰ্বাচনী প্ৰচাৰত যদিও অধিকাংশ প্ৰাৰ্থীয়েই ব্যক্তিগত আক্ৰমণৰ লগতে অসাংবিধানিক, সাম্প্ৰদায়িক, বিভাজনকামী মন্তব্য কৰিছিল সৌভাগ্যক্ৰমে তাৰ প্ৰভাৱ জনসাধাৰণৰ মাজত নপৰিল।

সংঘাতবিহীন, শান্তিপূৰ্ণ এই নিৰ্বাচনে অৱশ্যে বহু কথাই বুজাই দিলে, বহু চিন্তা উদ্ৰেককাৰী বাৰ্তাও ৰাজনৈতিক দলসমূহলৈ এৰি দিলে। এইবাৰ অসমৰ ৩ টা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ৭৮.২৫ শতাংশ ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগৰ ভোটাৰ টাৰ্ণ আউট এপত তথ্য উপলব্ধ আছে।

সেইদৰে দ্বিতীয় পৰ্যায়ৰ ৫ টা সমষ্টিত মুঠ ৮১.১৭ শতাংশ ভোটদান কৰিলে ভোটাৰে। তৃতীয় পৰ্যায়ত সন্ধিয়া ৭ বজালৈকে উপলব্ধ হোৱা তথ্য অনুসৰি অসমৰ ৪ টা সমষ্টিত ৭৫.০১ শতাংশ ভোটদান হৈছে।

অৱশ্যে নিৰ্বাচন আয়োগে পৰৱৰ্তী সময়ত এই সন্দৰ্ভত সঠিক তথ্য দাঙি ধৰিব। এয়াই সঠিক তথ্য নহয়। শেহতীয়াকৈ আয়োগে ৩০ এপ্ৰিলত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত মুঠ কিমান ভোটাৰে ভোটদান কৰিলে সেই সন্দৰ্ভত এক তথ্য প্ৰকাশ কৰিছে।

এই তথ্য অনুসৰি প্ৰথম পৰ্যায়াত অসমত পুৰুষে দিয়া ভোটদানৰ হাৰ ৭৭.৬৯ শতাংশ, মহিলাই দিয়া ভোটদানৰ হাৰ ৭৮.৮১ শতাংশ আৰু অন্যান্য ২০.৩৩ শতাংশ। দ্বিতীয় পৰ্যায়ত ৮১.১৬ শতাংশ পুৰুষ আৰু ৮১.১৮ শতাংশ মহিলাই ভোটদান কৰাৰ বিপৰীতে অন্যান্য ১৬.৪৭ শতাংশই ভোটদান কৰিলে।

প্ৰথম পৰ্যায়তকৈ দ্বিতীয় পৰ্যায়ত যিদৰে ভোটদানৰ হাৰ বৃদ্ধি পালে সেইদৰে কিন্তু তৃতীয় পৰ্যায়ত বৃদ্ধি হৈছে বুলি ক'ব নোৱাৰি। হ'লেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত অসমত তিনিওটা পৰ্যায়তে ভোটৰ হাৰ বৃদ্ধি হৈছে।

এইবাৰৰ নিৰ্বাচন বহু কেইটা দিশত পূৰ্বতকৈ পৃথক আছিল বুলি ইতিমধ্যে ভোটাৰ ৰাইজে অনুমান কৰিব পাৰিছে। বহু কাৰণত এইবাৰৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ। ভোটাৰ ৰাইজে এই কথা উপলব্ধি কৰিছে।

শাসকীয় বিজেপিয়ে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগলৈকে ''অবকি বাৰ ৪০০ পাৰ'' শ্লোগান দি আহিছিল যদিও এতিয়া সেই শ্লোগান সলনি হৈছে। সেইদৰে অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগলৈকে প্ৰথমে 'ছাৰে বাৰটা' লোকসভা সমষ্টিত বিজয় নিশ্চিত বুলি কৈ আহিছিল যদিও পৰৱৰ্তী সময়ত ১৪ টা লোকসভা সমষ্টিতে বিজয় নিশ্চিত বুলি দাবী কৰিছিল।

কিন্তু সময় বাগৰাৰ লগে লগে তেওঁৰ সেই দাবীও সলনি হৈছে। সমান্তৰালকৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আগলৈকে মিঞা, মুছলমানৰ ভোট নালাগে বুলি ৰাজহুৱাকৈ মন্তব্য কৰি অহা মুখ্যমন্ত্ৰী ড০ শৰ্মা, তেওঁৰ অনুগত মন্ত্ৰী, বিধায়কে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আগে আগে সেই স্থিতি সলনি কৰিলে।

তেওঁলোকে সংখ্যালঘু অধ্যুষিত অঞ্চলত জোৰদাৰ প্ৰচাৰ চলোৱাৰ লগতে মিঞা, মুছলমানৰো ভোট বিচাৰিলে। ইয়াত অৱশ্যে এক ৰাজনীতি নথকা নহয়। একাংশৰ মতে উজনি অসমৰ হিন্দু ভোটাৰৰ ভোট যাতে বিজেপিৰ বাহিৰলৈ নাযায় তাৰ বাবেই তেওঁলোকে এনে এক স্থিতি গ্ৰহণ কৰিছিল।

যেতিয়াই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আহিল, নগাওঁ লোকসভা সমষ্টিৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি সেই স্থিতি সলনি কৰিবলৈ বাধ্য হ'ল। একেদৰে দৰং ওদালগুৰি, কৰিমগঞ্জ, শিলচৰ আদি সমষ্টিতো সংখ্যালঘু ভোটাৰৰ সংখ্যাই বিজেপিৰ এই স্থিতি সলনিৰ এক কাৰণ বুলি বিবেচিত হৈছে। তৃতীয় পৰ্যায়ৰ ভোটৰ ক্ষেত্ৰতো একেই অৱস্থা।

তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অসমৰ ১৪ টা লোকসভা সমষ্টিয়েই উপহাৰ হিচাপে দিব বিচাৰিছিল বিজেপিয়ে। সেই মতেই পৰিকল্পনা প্ৰস্তুত কৰি ৰণক্ষেত্ৰত নামি পৰিছিল যদিও তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছত এতিয়া বিজেপিয়েও হয়তো সেয়া সম্ভৱ নহ'ব বুলি ধাৰণা কৰিছে।

সৰ্বশক্তি প্ৰয়োগ কৰি ১৪ টা সমষ্টিতে বিজেপি দলটোৰ লগতে মিত্ৰদল অগপ আৰু ইউ পি পি এলে প্ৰচাৰ চলাই বিজয় নিশ্চিত বুলি আত্মবিশ্বাসী হৈ আছিল যদিও কেইবাটাও সমষ্টিত কিন্তু এতিয়া আশা কৰা ধৰণে বিজেপিয়ে ফলাফল লাভ নকৰিব পাৰে।

এনে হোৱাৰ আঁৰত অৱশ্যে বিৰোধী ৰাজনৈতিক দলসমূহৰ ৰণনীতি অথবা ৰাজনৈতিৰ বিচক্ষণতা নহয়। এইবাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ৰাজনৈতিক দলসমূহে যিদৰে নিৰ্বাচনৰ ৬/৭ মাহ আগৰে পৰা বৈঠকত মিলিত হৈছিল, ৰণকৌশল সন্দৰ্ভত আলোচনা কৰিছিল সেয়া কেৱল নিৰ্বাচনৰ দিন ঘোষণাৰ সময়লৈকেহে দেখিবলৈ পোৱা গ'ল।

এই ৰাজনৈতিক দলসমূহৰ নেতৃত্বৰ যি অদূৰদৰ্শী চিন্তা সেয়া স্পষ্টতাৰে প্ৰমাণ হ'ল। ঐক্যবদ্ধ বিৰোধীয়ে এজন প্ৰাৰ্থীৰ বিৰুদ্ধে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মুকলিকৈ কৈ আহিছিল যদিও শেষত দেখিবলৈ পোৱা গ'ল সেয়া কেৱল কোৱা কথাহে আছিল।

ক্ষমতাৰ ভোকত থকা এইসকল বিৰোধী নেতাই নিজৰ স্বাৰ্থৰ বাহিৰে বেলেগকৈ একো ভাবিব নোৱাৰে। বিশেষকৈ ভৰিৰ তলৰ মাটি হেৰুওৱাৰ উপক্ৰম হোৱা কংগ্ৰেছৰ নেতৃত্বই এতিয়াও এৰিব পৰা নাই অহংকাৰ।

যি অহংকাৰৰ বশবৰ্তী হৈয়ে কংগ্ৰেছে সমষ্টি ভাগ-বিতৰণ কৰাৰ ক্ষেত্ৰত দেখুৱালে অদূৰদৰ্শীতা। সমান্তৰালকৈ আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ, চিপিআইএম আদিৰ নেতায়ো কৈ থকা ত্যাগৰ মানসিকতা উন্মোচিত হ'ল এই নিৰ্বাচনতে।

প্ৰথম পৰ্যায়ৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰি কৰিছিল প্ৰথমটো ভুল। এই সমষ্টিত লুৰীণজ্যোতি গগৈ বিৰোধীৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী আছিল যদিও আপে অসমৰ আসন বুজাবুজিৰ পূৰ্বেই মনোজ ধানোৱাৰক প্ৰক্ষেপ কৰি প্ৰথমটো ভুল কৰিছিল।

এই সমষ্টিত লুৰীণজ্যোতি গগৈ কিমান শক্তিশালী প্ৰাৰ্থী আছিল সেয়া সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজ্যসভাৰ সাংসদ তথা শীৰ্ষ স্থানীয় কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীৰ অনিচ্ছা স্বত্বেও প্ৰক্ষেপ কৰা বিষয়টোৱেই স্পষ্ট কৰে। এই সমষ্টিৰ পৰা বিজেপিয়ে লুৰীণৰ বাবে আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক টিকট দিয়াৰ পৰা বিৰত থাকিবলৈ বাধ্য হ'ল।

একেদৰে শোণিতপুৰ, লখিমপুৰ, কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ, আপ, তৃণমূল কংগ্ৰেছ, চি পি আই এম আদিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি ভোট বিভাজনৰ বাট মুকলি কৰি ৰাখিলে। এই সমষ্টি কেইটাত বিজেপিৰ ভেঁটি কিমান শক্তিশালী সেয়া প্ৰতিটো বিৰোধী দলেই ভালকৈ জানে।

প্ৰথম পৰ্যায়ৰ কেৱল যোৰহাটতহে এক শক্তিশালী যুঁজ হৈছে বুলি একেষাৰে ক'ব পাৰি। ডিব্ৰুগড়ত শেষ মুহূৰ্তত লুৰীণজ্যোতি গগৈয়ে এক গতি লাভ কৰিলে যদিও সেয়া বহু পলম হ'ল।

মুঠ ১৪ খন আসনৰ ভিতৰত বিৰোধীয়ে ডিব্ৰুগড়, বৰপেটা, লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, দৰং-ওদালগুৰি, কোকৰাঝাৰ সমষ্টিৰ ক্ষেত্ৰত ঐক্যবদ্ধ সিদ্ধান্ত ল'ব নোৱাৰাটো এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ভুল বুলি ক'লেও অত্যুক্তি কৰা নহ'ব।

নগাওঁ, যোৰহাট, কৰিমগঞ্জ, ধুবুৰী এই চাৰিটা সমষ্টিত যি নিৰ্বাচনী যুঁজ হ'ল সেই যুঁজেই ৰাজনৈতিক দল কেইটাৰ সন্দৰ্ভত বহু দিশ উন্মোচন কৰে। যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে নিজৰ ব্যক্তিত্ব আৰু লোকসভাত লোৱা ভূমিকাৰ বাবে ভোটাৰক আকৰ্ষণ কৰিব পাৰিছে।

কিন্তু তেওঁৰ হৈ তৃণমূল পৰ্যায়ত কাম কৰা নেতাৰ অভাৱ স্পষ্টকৈ দেখা গ'ল। যদিহে সামাজিক মাধ্যমৰ চৰ্চাৰ দৰেই গৌৰৱ গগৈ নিৰ্বাচিত হৈ যায় তেন্তে তাত কংগ্ৰেছ দলৰ ৰাজ্যিক নেতৃত্বই ক্ৰেডিট ল'বলৈ যোৱাৰ কোনো অৱকাশ নাথাকিব।

নগাওঁ সমষ্টিত বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মাজত তুমুল যুঁজ হৈছে। শেষ মুহূৰ্তত ৰকিবুল হুছেইনে চামগুৰিৰ নিজা সমষ্টিলৈ আহি প্ৰদ্যুৎ বৰদলৈক কিছু সকাহ দিলে। এই সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ বাট কণ্টকময় হোৱাৰ আঁৰত অৱশ্যে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰো ভূমিকা নথকা নহয়।

কিন্তু সমষ্টিটোত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক যিকোনো উপায়েৰে বিজয়ী কৰাই নিবলৈ পীযুষ হাজীকা যিদৰে জপিয়াই পৰিল তাৰ পৰা এটা কথা স্পষ্ট হয় যে, সমষ্টিটোত ভালকৈয়ে এখন যুঁজ হৈছে। সুৰেশ বৰা নে প্ৰদ্যুৎ বৰদলৈৰ দিল্লী যাত্ৰা সম্ভৱ হৈ উঠিব তাৰ অনুমান স্পষ্টকৈ কোনেও কৰিব পৰা নাই।

কৰিমগঞ্জটো সেইদৰেই কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী শক্তিশালী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে। স্বয়ং মুখ্যমন্ত্ৰীয়েই এই সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী যে জয়ী হ'ব সেই আশা ত্যাগ কৰিছে। ধুবুৰী বদৰুদ্দিন আজমলৰ বাবে এইবাৰ সুৰক্ষিত হৈ থকা নাই।

অখিল গগৈৰ সংখ্যালঘুৰ মাজত থকা জনপ্ৰিয়তা ৰকিবুল হুছেইনৰ বাবে আশাৰ কিৰণ হিচাপে ধৰা দিছে। অনিশ্চা স্বত্বেও ধুবুৰীত প্ৰতিদ্বন্দিতা কৰা ৰকিবুল হুছেইনে এই সমষ্টিত শেষ মুহূৰ্তত হাঁহি মাৰিলে আচৰিত হ'বলগীয়া একো নাথাকিব।

মৌলানা বদৰুদ্দিন আজমলৰ শেহতীয়া আচৰণে সাধাৰণ ভোটাৰক বিৰক্ত কৰিছে। নিৰ্বাচনৰ সময়ত সমষ্টিলৈ হেলিকপ্টাৰ লৈ অহা আজমলৰ সভালৈ যিদৰে পূৰ্বে পাৰ ভঙা উৎসাহেৰে ৰাইজ আহে এইবাৰ তেনে দৰে অহা নাই। সমষ্টিটোত অগপ, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামো অৱশ্যে আজমলৰ বিকল্প হিচাপে থিয় দিছে।

বৰপেটা সমষ্টিৰ যুঁজখন আৰু আকৰ্ষণীয়। এই সমষ্টি কংগ্ৰেছে চি পি আই এমক এৰি দিব লাগে বুলি এক জনমত গঠন হৈছিল যদিও কংগ্ৰেছে সেয়া নকৰিলে। একেদৰে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদেও এই সমষ্টি দাবী কৰিছিল যদিও তেওঁকো নিদিলে।

ইয়াৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি অহা বুলি অভিযোগ থকা দ্বীপ বায়নকেই টিকট প্ৰদান কৰিলে। এজেপি ত্যাগ কৰি আন এগৰাকী শক্তিশালী প্ৰাৰ্থী দুলু আহমেদে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিলে।

ফলত বিজেপি বিৰোধী ভোটাৰৰ সৰ্বগ্ৰহণযোগ্য প্ৰাৰ্থী হিচাপে বিবেচিত হোৱাৰ পাছতো চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। সমষ্টিটোত ফণীভূষণ চৌধুৰীয়ে শেষ মুহূৰ্তত এক মাইলেজ পালে মোডীৰ প্ৰচাৰ সভাৰ বাবে। অথচ তেওঁ প্ৰতিদ্বন্দিতা কৰিবলৈকে সাজু নাছিল ইয়াত।

সমষ্টিটো যদিও বিজেপিয়ে এজিপিক এৰি দিলে এজিপিয়ে এই সমষ্টিৰ বাবে এজন প্ৰাৰ্থী বিচাৰি উলিয়াব নোৱাৰিলে। যাৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ বিধায়ক, প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীক তেওঁৰ অনিশ্চা স্বত্বেও প্ৰক্ষেপ কৰিলে। বিধায়ক চৌধুৰীয়েও মুকলিকৈয়ে দিল্লী যোৱাৰ ইচ্ছা নাই বুলিয়েই ক'বলৈ নেৰিলে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ফণীভূষণ চৌধুৰী দিল্লীলৈ যোৱাটো বিচৰা নাই তেওঁৰেই সমষ্টিৰ ৰাইজে। গতিকে এই সমষ্টি দখল কৰিবলৈ বিৰোধীয়ে এক সুন্দৰ সুযোগ লাভ কৰিছিল। কিন্তু সেই সুযোগ তেওঁলোকৰ দূৰদৰ্শীতাৰ অভাৱৰ বাবেই হেৰুৱালে। যাৰ বাবে সমষ্টিটোৰ অংক কোনো এজন প্ৰাৰ্থীৰ বাবেই সৰল হৈ থকা নাই।

নিৰ্বাচনৰ আগলৈকে বি পি এফক শাসকীয় বিজেপি আৰু মিত্ৰজোঁটে যিদৰে গুৰুত্বহীন কৰিলে সেইদৰেই বিৰোধীয়েও তেওঁলোকক বৰ এটা গুৰুত্ব নিদিলে। যাৰ বাবে দৰং ওদালগুৰি সমষ্টিৰ দৰেই কোকৰাঝাৰত এই দলটোৰ দুয়োগৰাকী প্ৰাৰ্থীয়েই এতিয়া প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বিশেষকৈ নৱ শৰণীয়াৰ অনুপস্থিতিয়ে বিপিএফকেই শক্তিশালী কৰিছে। এই দুটা সমষ্টিৰ পৰা যে যিকোনো এজন বি পি এফৰ প্ৰাৰ্থী দিল্লীলৈ যাব সেয়া প্ৰায় নিশ্চিত বুলিও দাবী কৰিছে বহুতে।

ডিফু সমষ্টিটোৰ বিষয়ে বৰ বিশেষ আলোচনাৰ প্ৰয়োজন নাই বুলিয়েই ক'ব পাৰি। এই সমষ্টিটোত যে বিৰোধীৰ বিজয় সম্ভৱ নহয় সেয়া তেওঁলোকেই মানি লৈছে। সেয়ে এই সমষ্টিক লৈ তেওঁলোকৰ বৰ বেছি চিন্তাও নাই। দিব লাগে বাবেই এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। এই সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছ'য়ে হেনো দিল্লীলৈ যাবলৈ ভৰি দাঙিছেই।

সেইদৰেই শিলচৰ সমষ্টিতো বিজেপি প্ৰাৰ্থীগৰাকীৰেই দিল্লী যাত্ৰাৰ পথ সুগম হৈ আছে। চৰ্চা চলিছে শোণিতপুৰৰ পৰা ৰঞ্জিত দত্ত আৰু শিলচৰৰ পৰা পৰিমল শুক্লবৈদ্য এই দুই জ্যেষ্ঠ বিজেপি নেতাই একেলগে দিল্লীলৈ যাব আৰু পৰৱৰ্তী নিৰ্বাচনত একেলগে অৱসৰ গ্ৰহণ কৰিব। এইবাৰৰ নিৰ্বাচন হেনো তেওঁলোক দুয়োজনৰ বাবে আছিল 'ফেয়াৰৱেল'।

তৃতীয় পৰ্যায়ৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি গুৱাহাটী লোকসভা সমষ্টি। এই সমষ্টিত এটা সপ্তাহৰ আগলৈকে যদিও বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়েই শক্তিশালী হৈ আছিল তথাপিও অন্তিম মুহূৰ্তত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে যি দুৰন্ত গতি ল'লে সেয়া স্বয়ং মুখ্যমন্ত্ৰীৰ বাবেই চিন্তাৰ কাৰণ হৈ পৰিল।

এনে ফলশ্ৰুতিতেই তেওঁ গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে গৈয়ো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ'ল। অৱশ্যে মীৰা বৰঠাকুৰে বিজুলী কলিতা মেধিক কিমান প্ৰত্যাহ্বান জনাব সেয়া ৪ জুলাইতহে স্পষ্ট হ'ব। প্ৰধানমন্ত্ৰী মোডীৰ আগমণ আৰু অমিত শ্বাহৰ ৰোড শ্ব'য়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ জোৰদাৰ প্ৰচাৰে যে বিজুলী কলিতা মেধিক যথেষ্ট শক্তিশালী কৰিছে সেয়া কিন্তু স্পষ্ট।

সামগ্ৰিকভাৱে তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত এটা কথা স্পষ্ট হয় শাসকীয় বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হোৱাতো সত্য। প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈছে বিজেপি।

হিতাধিকাৰী আঁচনিৰে যে ৰণ জিকিব নোৱাৰি সেই কথাও উপলব্ধি নিশ্চয় কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, ঔষধৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, সংস্থাপনহীনতা, অত্যাধিক টেক্সকে ধৰি একাধিক সমস্যাৰে জৰ্জিৰত ৰাইজে এক বিকল্পৰ সন্ধান কৰিছিল যদিও সেই বিকল্প হিচাপে কোনো এটা দলেই থিয় হ'ব নোৱাৰিলে। যিয়ে বিজেপিকেই লাভাম্বিত কৰিলে। বিজেপি বিৰোধী ভোটাৰখিনিৰ এয়াই দুৰ্ভাগ্য।

২০২১ ৰ বিধানসভা নিৰ্বাচনে যিদৰে বিৰোধীক এক শিক্ষা দিছিল সেইদৰেই এইবাৰৰ লোকসভা নিৰ্বাচনেও বিৰোধীক আন এক শিক্ষা যে দিব সেয়া প্ৰায় নিশ্চিত। এই শিক্ষাৰ পৰা বিৰোধী দলৰ নেতাসকলে কি শিক্ষা আহৰণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।

এই নিৰ্বাচনে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হিচাপে কিমান যোগ্য অথবা তেওঁৰ কেন্দ্ৰৰ ওচৰত কিমান গুৰুত্ব সেয়াও প্ৰমাণিত হ'ল। আপ, তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক দৃষ্টিভংগীও স্পষ্ট হ'ল।

আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল এইবাৰৰ নিৰ্বাচনে দুজন যুৱ নেতাক জন্ম দিলে। সাম্প্ৰদায়িক মন্তব্য, ধৰ্মীয় মেৰুকৰণ, ব্যক্তিগত আক্ৰমণ আৰু বিভাজনকামী মন্তব্য নকৰিও যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰি, জনতাৰ, ভোটাৰৰ মন জয় কৰিব পাৰিলে যে ষ্টাৰ কেম্পেইনাৰ অবিহনে ব্যক্তিত্বৰেই যুঁজিব পাৰি সেয়া বুজাই দিলে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ নামৰ যুৱ ৰাজনৈতিক নেতা দুজনে।

কাৰ ওপৰত জনতাৰ আস্থা?
অনুৰাধাৰ দেশত ছদ্মবেশী বুদ্ধিজীৱী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in