চিকিৎসা বিজ্ঞানত অসমীয়াৰ আধিপত্য

চিকিৎসা বিজ্ঞানত অসমীয়াৰ আধিপত্য

ডিজিটেল ডেস্কঃ অসম তথা অসমীয়াৰ বাবে এটা অত্যন্ত সুখবৰ । বিশ্বৰ আধুনিক চিকিৎসা বিজ্ঞানত অসমীয়াৰ আধিপত্য। অসমীয়া বিজ্ঞানী ড০ মুকুট গোহাঁইৰ উদ্ভাৱনক FDAৰ অনুমোদন প্ৰদান । তিনিচুকীয়াৰ পানীতোলাত ঘৰ বিশিষ্ট বিজ্ঞানী ড০ মুকুট গোহাঁইৰ ।

ড০ গোহাঁয়ে উদ্ভাৱন কৰা এন্টিবায়’টিকলৈ অনুমোদন প্ৰদান কৰে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে । এফডিএৰ দ্বাৰা অনুমোদিত এইবিধেই প্ৰথম ভাৰতীয় এন্টিবায়’টিক ।

উল্লেখযোগ্য যে ১৬ বছৰ পূৰ্বে এন্টিবায়’টিকবিধ উদ্ভাৱন কৰিছিল ড০ মুকুট গোহাঁয়ে ।চেন্নাইৰ অৰ্কিড ফাৰ্মাৰ সহযোগত উদ্ভাৱন কৰিছিল এইবিধ এন্টিবায়’টিক। উচ্চ মানৰ এন্টিবায়’টিকবিধৰ নাম ‘এনমেটাজোবেকটাম’ । মূত্ৰাশয়ৰ সংক্ৰমণ, নিউমোনিয়া প্ৰতিৰোধৰ বাবে ড. মুকুট গোহাঁইয়ে আৱিষ্কাৰ কৰিছিল এন্টইবায়টিকবিধ।এতিয়াৰে পৰা আমেৰিকা, ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ বজাৰত বিক্ৰীৰ বাবে মুকলি হ’ব ভাৰতীয় এন্টিবায়’টিকবিধ । তেওঁ বৰ্তমান দক্ষিণ আফ্ৰিকাত কৰ্মৰত অৱস্থাত আছে।

চিকিৎসা বিজ্ঞানত অসমীয়াৰ আধিপত্য
চাৰ অফিচলৈ নাহেঃ আঢ়ৈ মাহে কাৰ্যালয়ত উপস্থিতি নাই চিদলী ৰাজহচক্ৰ বিষয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in