চাৰ অফিচলৈ নাহেঃ আঢ়ৈ মাহে কাৰ্যালয়ত উপস্থিতি নাই চিদলী ৰাজহচক্ৰ বিষয়াৰ...

চাৰ অফিচলৈ নাহেঃ আঢ়ৈ মাহে কাৰ্যালয়ত উপস্থিতি নাই চিদলী ৰাজহচক্ৰ বিষয়াৰ...

ডিজিটেল সংবাদ, চিৰাংঃ বিগত কিছুদিন ধৰি চিৰাং জিলাৰ চিদলী সদৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি আছে অচলাৱস্থা । কাৰণ চিদলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগ অকতৃত্বশীল ভাবে বিগত ৫ ডিচেম্বৰ , ২০২৩ ৰ পৰা কাৰ্যালয়ত উপস্থিত হোৱা নাই ।

চিৰাং জিলাৰ সদৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়খনত বিগত আঢ়ৈ মাহ ধৰি ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগ উপস্থিত নথকাত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । চিদলী এই ৰাজহচক্ৰ বিষয়াজনৰ অনুপস্থিতিৰ সুযোগ গ্ৰহণ কৰি কাৰ্যালয়টোত মাটিৰ দালাল চক্ৰ পুনৰ সক্ৰিয় হৈ উঠাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

প্ৰতিদিনে দূৰদূৰণিৰ পৰা গাঠিৰ ধন খৰচ কৰি ভূমি সংক্ৰান্তৰ কামকাজৰ উপৰি স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ প্ৰমান পত্ৰ উলিয়াবলৈ আহি দিনটো ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত চৌহদত বহি থাকি বিয়লি খালি হাতত ঘৰত উভতি যাব লগা হৈছে ।

অভিযোগ অনুসৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলে স্কলাৰশ্বিপৰ বাবে জাতিগত প্ৰমান পত্ৰ, ইনকাম চাৰ্টিফিকেট, পিআৰচি আদি কৰি অন্যান্য প্ৰমান পত্ৰৰ বাবে দুমাহ আগতে অনলাইন যোগে আবেদন কৰিও এতিয়ালৈকে তেওঁলোকে প্ৰমান পত্ৰ লাভ কৰা নাই । একমাত্ৰ এই প্ৰমান পত্ৰ নথকাৰ বাবে প্ৰাপ্য স্কলাৰশ্বিপৰ পৰা বঞ্চিত হব লগা হৈছে বুলি ভুক্তভোগী ছাত্ৰ ছাত্ৰী সকলে আক্ষেপ প্ৰকাশ কৰে ।

চিদলীৰ ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগ কিয় আৰু কি পৰিস্থিতিত আঢ়ৈ মাহ ধৰি কাৰ্যালয়ত অনুপস্থিত হৈ আছে । এই সন্দৰ্ভত চিদলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুসন্ধান কৰাত নাম প্ৰকাশত অনিচ্ছুক এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়ে যে যোৱা ৫ ডিচেম্বৰ, ২০২৩ ইং তাৰিখে চক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগে প্ৰথমতে শাৰীৰিক অসুস্থতা দেখুৱাই এমাহ ছুটি বিচাৰি বিটিচি ৰ ভূমি আৰু ৰাজহ বিভাগক আৱেদন কৰিছিল ।

কিন্তু বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিবে চিদলীৰ ৰাজহচক্ৰ বিষয়াজনৰ ছুটিৰ আবেদন মঞ্জুৰ কৰা নাছিল।তাৰ পিছত ৰাজহচক্ৰ বিষয়াজনে ১০ মাহ Extraordinary Lief বিচাৰি আবেদন পত্ৰ কোকৰাঝাৰৰ বিটিচি প্ৰশাসনৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিব কাৰ্যালয়ত জমা দি গুৱাহাটী গুচি যায় ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওঁগ ।

কি কাৰণত ৰাজহচক্ৰ বিষয়া জনে এইদৰে অকতৃত্বশীল ভাবে বিগত আঢ়ৈ মাহ ধৰি অনুপস্থিত হৈ আছে এই সন্দৰ্ভত চিদলী ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত মণ্ডল, কৰ্মচাৰী সকলে অৱগত নহয় বুলি সদৰি কৰে । ইপিনে ৰাজহচক্ৰ বিষয়া গৰাকীৰ অনুপস্থিতিত কাম চলিব পৰাকৈ চিদলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত অস্থায়ী ভাৱে চিৰাং জিলা প্ৰশাসনৰ পৰা বেংতল ৰাজহচক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাক অতিৰিক্ত ভাৱে নিযুক্তি প্রদান কৰিছে ।

কিন্তু বিষয়া জনে নিজৰ কাৰ্যালয়ৰ উপৰি অন্যান্য আৰু দায়িত্বত থকা হেতুকে চিদলীত অধিক সময় দিব নোৱাৰাত সমস্যা অধিক জটিল হৈ পৰিছে । তাৰ মাজতে দীঘলীয়া সময় ধৰি কাৰ্যালয়টোৰ মুৰব্বী বিষয়াজন উপস্থিত নথকাত কিছুদিন ধৰি অৰাজকতাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰে আক্ৰাছু নেতা প্ৰাঞ্জল চৌধুৰীয়ে ।

তেখেতে কয় যে প্ৰতিদিনে শ শ লোক বিভিন্ন কামত জেপৰ ধন খৰচ কৰি চিদলীৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ দিনটো বহি থাকি উভতি যাব লগা হৈছে আৰু ভুক্তভোগী ৰাইজৰ অসুবিধাৰ সুযোগ গ্ৰহণ কৰি সম্প্ৰতি একাংশ দালাল চক্ৰৰ লোক ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত পুনৰ সক্ৰিয় হৈ উঠিছে ।

দালাল চক্ৰৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি থকাৰ পিছতো চিদলী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালাল চক্ৰৰ সৈতে গোপন মিতিৰালি কৰি কাৰ্যালয়টোৰ একাংশ মণ্ডল,কৰ্মচাৰীয়ে দালালৰাজ চলাই আছে বুলি ভুক্তভোগী লোকসকলে জানিবলৈ দিছে অভিযোগ কৰে আদিবাসী ছাত্ৰ নেতা ছাকাৰিয়াছ চোৰেনে।

চিদলী ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰা ভাৰপ্ৰাপ্ত ৰাজহচক্ৰ বিষয়াৰ অনুপস্থিতিত চলি থকা অনিয়ম অতিশীঘ্ৰে বন্ধ কৰি ৰাইজৰ সুবিধাৰ্থে এজন নতুন ৰাজহচক্ৰ বিষয়াক নিযুক্তি দিবলৈ আহ্বান জনায় ছাত্ৰ নেতা দুগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in