নিশাৰ ভূমিকম্পত এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আহতৰ সংখ্যা তিনি শতাধিকৰো অধিক...

নিশাৰ ভূমিকম্পত এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আহতৰ সংখ্যা তিনি শতাধিকৰো অধিক...
নিশাৰ ভূমিকম্পত এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আহতৰ সংখ্যা তিনি শতাধিকৰো অধিক...

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা প্ৰায় ১০ঃ১৫ বজাত অহা ভূমিকম্পই দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ব্যাপক ক্ষতি কৰিছে। ভাৰত, পাকিস্তান , আফগানিস্তানক জোকাৰি যোৱা এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৬।

ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদৰ পৰা ১৩৩ কিলোমিটাৰ দক্ষিণ পূবত ভূগৰ্ভৰ ১৫৬ কিলোমিটাৰ তলত। এই ভূমিকম্পৰ ফলত এই পৰ্যন্ত পাকিস্তানত ৯ জন লোকৰ মৃত্যু হৈছে।

একে সময়তে আহত হৈছে ৩০২ জন লোকৰ। আনহাতে আফগানিস্তানত এই পৰ্যন্ত মৃত্যু হৈছে ২ জন লোকৰ। ভাৰতৰ দিল্লী, ৰাজস্থান, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰক জোকাৰি যোৱা এই ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো বিস্তৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰা নাই।

উল্লেখ্য যে, সোমবাৰে পুৱা ৫ঃ৩০ বজাতো উত্তৰাখণ্ডৰ পিথোৰাগড়ত ভূমিকম্প আহিছিল। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ মতে, ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৩.১।

আনহাতে একেদিনাই গুজৰাটৰ কচ্ছ জিলাত ৩.২ প্ৰাবল্যৰ ভূমিকম্প আহিছিল। পুৱা ৭.৩৫ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল কচ্ছ জিলাৰ ভাচাউ চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পূবত। একেদৰে হিমাচল প্ৰদেশৰ চম্বা জিলাতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।

নিশাৰ ভূমিকম্পত এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আহতৰ সংখ্যা তিনি শতাধিকৰো অধিক...
তিনিমাহে ছীল অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ হেলেম শাখাৰ বেংক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in