ভগ্ন সপোনেৰে বিদায় মাগিলে জাপান, দক্ষিণ কোৰিয়াই...

ভগ্ন সপোনেৰে বিদায় মাগিলে জাপান, দক্ষিণ কোৰিয়াই...

ডিজিটেল ডেস্ক : কাটাৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেলত দেখা গৈছিল এছিয়াৰ আধিপত্য । ফুটবল বুলিলেই যে কেৱল লা লিগা, ইউৰো কাপ নহয় সেই কথা বিশ্ববাসীৰ সন্মুখত প্ৰমাণ কৰিলে এছিয়ান দল জাপান, দক্ষিণ কোৰিয়া আৰু চৌদি আৰবে । চৌদি আৰবে পৰৱৰ্তী খেল সমূহত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিলেও প্ৰথম খন খেলতেই ফুটবলৰ অন্যতম শক্তিশালী দল আৰ্জেন্টিনাক পৰাস্ত কৰি আচৰিত কৰি তুলিছিল সমগ্ৰ বিশ্বক ।

আনহাতে, জাপান আৰু দক্ষিণ কোৰিয়াই নিজা ছন্দেৰে গ্ৰুপ পৰ্যায়ৰ খেলত দেখুৱাইছিল আধিপত্য । জাপানে বিশ্ব চেম্পিয়ন জাৰ্মানীক আৰু দক্ষিণ কোৰিয়াই উৰুগুৱেক হৰুৱাই প্ৰদৰ্শন কৰিছিল উন্নত মানৰ ফুটবলৰ । প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি কোৱাৰ্টাৰ ফাইনেললৈ আশা কৰা হৈছিল যিকোনো এটি এছিয়ান দলৰ অগ্ৰগতি । কিন্তু নক আউট পৰ্যায়ত আহি থমকি ৰ'ল এছিয়াৰ এই অশ্বমেধ যজ্ঞৰ ঘোৰা ।

সোমবাৰৰ প্ৰথম খনি নক আউট পৰ্যায়ৰ খেলত জাপানে অতিৰিক্ত সময়লৈকে আধিপত্য বৰ্তাই ৰখাৰ পাছতো পেনাল্টী শ্বুট আউটলৈ নিব লগীয়া খেলখন । বিশ্বকাপৰ শীৰ্ষ পৰ্যায়ৰ খেলৰ চাপ লোৱাত অভিজ্ঞ ক্ৰ'ৱেছিয়াই অনায়াসে পেনাল্টীত পৰাস্ত কৰে জাপানক । আনহাতে, দিনটোৰ দ্বিতীয় খন খেলত অভিজ্ঞ ব্ৰাজিলৰ সন্মুখত দুৰ্বল হৈ পৰে দক্ষিণ কোৰিয়া । ব্ৰাজিলৰ বাবে যেন প্ৰস্তুতি খেল হে আছিল নক আউটৰ খেল খন । কোনো বাধা নোপোৱাকৈ ৪-১ গ'লত স্বপ্নভংগ কৰে দক্ষিণ কোৰিয়া বাসীৰ । নক আউটৰ তৃতীয় দিনা ৪৫৬ কোটি এছিয়া বাসীৰ সপোন চূৰমাৰ কৰি বিদায় মাগে জাপান আৰু দক্ষিণ কোৰিয়াই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in