এছিয়াডত অব্যাহত ভাৰতৰ জয় যাত্ৰাঃ তালিকাত সংযোজন হ'ল পঞ্চবিংশতিতম স্বৰ্ণ

এছিয়াডত অব্যাহত ভাৰতৰ জয় যাত্ৰাঃ তালিকাত সংযোজন হ'ল পঞ্চবিংশতিতম স্বৰ্ণ

author-image
Asomiya Pratidin
New Update
এছিয়াডত অব্যাহত ভাৰতৰ জয় যাত্ৰাঃ তালিকাত সংযোজন হ'ল পঞ্চবিংশতিতম স্বৰ্ণ

ডিজিটেল ডেস্কঃ এটাৰ পাছত আনটো পদক জয়েৰে এছিয়ান গেমছত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ জয় যাত্ৰা। পুৱাই মহিলা আৰ্চাৰীৰ কম্পাউণ্ডৰ একক শাখাত স্বৰ্ণ জয় কৰা ভাৰতে কিছু সময় পূৰ্বে আন এক স্বৰ্ণ পদক জয় কৰি পদক তালিকাত সংযোজন কৰিলে পঞ্চবিংশতিতম স্বৰ্ণ।

এছিয়াডত ভাৰতীয় মহিলা কাবাডী দলে জয় কৰিছে এই পঞ্চবিংশতিতম স্বৰ্ণ। চাইনীজ টাইপাক পৰাস্ত কৰি জয় লাভ ভাৰতীয় দলটোৰ। উল্লেখ্য যে, এই জয়ৰ লগে লগে ভাৰতীয় পদক তালিকাত ২৫তম স্বৰ্ণ পদক সংযোজিত হোৱাৰ সমান্তৰালভাবে ভাৰতীয় পদক তালিকাই শতকৰ ঘৰ চুইছে।

Also Read: ৰেড এলাৰ্টঃ জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰলৈ নাযাব

Asian Games 2023