সুদীৰ্ঘ ২২ বছৰৰ পিছত আৰ্জেণ্টিনাৰ বুকুত অনুৰ্ধ্ব-২০ বিশ্বকাপ...

২০২৩ বৰ্ষৰ অনুৰ্ধ্ব-২০ বিশ্বকাপ এইবাৰ আয়োজন কৰিব দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনাই...

author-image
Asomiya Pratidin
New Update
সুদীৰ্ঘ ২২ বছৰৰ পিছত আৰ্জেণ্টিনাৰ বুকুত অনুৰ্ধ্ব-২০ বিশ্বকাপ...

ডিজিটেল ডেস্ক : এইবাৰ আৰ্জেণ্টিনাই আয়োজন কৰিব ২০২৩ বৰ্ষৰ অনুৰ্ধ্ব-২০ বিশ্বকাপ । বিশ্ব ফুটবল পৰিচালনা সমিতিয়ে ঘোষণা কৰিলে এই কথা। খবৰ অনুসৰি পৰিচালনা সমিতি খনে ইণ্ডোনেছিয়াৰ সলনি আৰ্জেণ্টিনাক ২০২৩ বৰ্ষৰ অনুৰ্ধ্ব-২০ বিশ্বকাপ আয়োজন কৰিবলৈ অনুমতি দিয়ে।

Advertisment

আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনে (এএফএ) নিবিদা দাখিল কৰাৰ পিছত বিগত সপ্তাহত ফিফাৰ এটা প্ৰতিনিধি দলে দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনা পৰিদৰ্শন কৰিছিল। এই পৰিদৰ্শনৰ পিছতে সোমবাৰে ফিফা পৰিষদৰ ব্যুৰোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, ২০ মে'ৰ পৰা ১১ জুনলৈ অনুষ্ঠিত হ'ব এই ফিফা অনুৰ্ধ্ব-২০ বিশ্বকাপ । ২০০১ চনৰ পিছত আৰ্জেণ্টিনাই প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰিব। আনহাতে ফিফা অনুৰ্ধ্ব-২০ বিশ্বকাপৰ আনুষ্ঠানিক ড্ৰ ২১ এপ্ৰিলত জুৰিখত ফিফাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব।

Also Read: গহপুৰত সমূহীয়া ভাৱে নাঙল বিহু পালন...

argentina Under 20 Football FIFA World Cup 2023