আমেৰিকাই সাজিব হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী পৰমাণু বোমা

আমেৰিকাই সাজিব হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী পৰমাণু বোমা

ডিজিটেল ডেস্ক : পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে বিভিন্ন চেষ্টা চলাই থকা হৈছে যদিও বিভিন্ন দেশে পাৰমাণৱিক শক্তি আহৰণ কৰিয়েই আছে। ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰই সাজিব হিৰোছিমাত পেলোৱা পাৰমাণৱিক বোমাতকৈও ২৪ গুণ শক্তিশালী বোমা।

চীন তথা ৰাছিয়াৰ পৰা অহা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ এই পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব আমেৰিকাই। এই বোমাৰ নাম দিয়া হৈছে বি-৬১-১৩। ইয়াৰ শক্তি হ'ব ৩৬০ কিলো টন।

এক প্ৰতিবেদন অনুসৰি এই বোমাটো যদি মস্কোত পেলোৱা হয় তেন্তে এবাৰতে ৩লাখ লোকৰ প্ৰাণহানি হ'ব। আহত হ'ব প্ৰায় ৮.৫ লাখ লোক। আনহাতে বোমাটো পেলোৱা ঠাইৰ প্ৰায় ৩ কিলোমিটাৰ এলেকাত থকা সকলো মানুহৰ এমাহৰ ভিতৰত মৃ্ত্যু হ'ব।

আমেৰিকাই সাজিব হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী পৰমাণু বোমা
গাজাত ৰাষ্ট্ৰসংঘৰ অৰ্ধশতাধিক কৰ্মী নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in