যুদ্ধই জুৰুলা কৰা ইউক্ৰেইনলৈ সহায়ৰ হাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

যুদ্ধই জুৰুলা কৰা ইউক্ৰেইনলৈ সহায়ৰ হাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

ডিজিটেল ডেস্ক : ৰাছিয়াৰ আগ্ৰাসনে এফালৰ পৰা আৰ্থিকভাৱে জুৰুলা কৰি অহা ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়ালে আমেৰিকাই । শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে । এই বৈঠকতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে আৰ্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে জেলেনস্কীয়ে ।

এই ঘোষণা অনুসৰি, বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ২ বিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াব ইউক্ৰেইনলৈ আৰু পৰৱৰ্তী সময়ত এই সাহায্যৰ পৰিমাণ বৃদ্ধি হৈ হ'বগৈ ৫০ বিলিয়ন ডলাৰ । অৰ্থাৎ আন ৪৫ বিলিয়ন ডলাৰ আগন্তুক সময়ত আগবঢ়োৱা হ'ব ইউক্ৰেইনলৈ ।

যদিওবা এই বৈঠকৰ পাছত আন্তৰ্জাতিক বজাৰত শক্তি আৰু খাদ্য সংকটৰ আশংকা কৰা হৈছে কিন্তু বৈঠক খন সন্দৰ্ভত যোগাত্মক মন্তব্য আগবঢ়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ।    

উল্লেখ্য যে, আমেৰিকাই পূৰ্বৰে পৰাই যুদ্ধ সন্দৰ্ভত প্ৰকাশ কৰি আহিছিল দুমুখীয়া নীতি । ইউক্ৰেইনলৈ বাহ্যিক সমৰ্থন আগবঢ়াই পৰৱৰ্তী সময়ত ৰাছিয়াৰ আগ্ৰাসনক আকৌ গুৰুত্ব সহকাৰে ল'বলৈ কৈ আহিছিল আমেৰিকাই । যাৰ ফলত ৰাষ্ট্ৰ খনৰ প্ৰকৃত সমৰ্থন পাবলৈ সক্ষম হোৱা নাছিল ইউক্ৰেইনে । কিন্তু শেহতীয়া আৰ্থিক সমৰ্থনে স্পষ্ট কৰিছে বহু কথা । অৱশেষত স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বিশ্বৰ মহাশক্তিশালী দেশখন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in