/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c9e614fc-fe3f-4a8f-8393-82f0f322211e/goru.jpg)
বাংলাদেশৰ বজাৰ ভৰিছে ভাৰতীয় গৰুৰেঃ চিন্তিত দেশখনৰ স্থানীয় গোপালক...
মাছুম বিল্লাহ, ঢাকাঃ সন্মুখত কোৰবানী ঈদ। এই কোৰবানী ঈদৰ প্ৰাকক্ষণত সীমান্তৰ কাঁইটীয়া তাঁৰ, নদী, পাহাৰ সকলো একাকাৰ কৰি ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহ হৈছে গোধন। নিশা হ’লেই অসম, মেঘালয়, ত্ৰিপুৰা সীমান্তৰ অঞ্চলেৰে বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ হোৱা এই গোধনসমূহৰে ভৰি পৰিছে বাংলাদেশৰ গৰুৰ বজাৰ। ফলত বাংলাদেশৰ স্থানীয় কৃষকসকল ভাৰতীয় এই চোৰাং গৰুক লৈ চিন্তিত হৈ পৰিছে।
এসময়ত ভাৰতীয় গৰু অবিহনে বাংলাদেশৰ কোৰবানী ঈদৰ পশুৰ বজাৰ অকল্পনীয় আছিল। এই বজাৰলৈ ভাৰতৰ পৰা গৰু কমকৈ আহিলেই বজাৰত বৃহৎ প্ৰভাৱ পৰিছিল। বজাৰত বহু বৃদ্ধি পাইছিল গৰুৰ মূল্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d4ed066a-f93d-4227-b25d-c1b496529f67/6ce2f618-a152-4c62-a76d-69432cf2dbd9.jpg)
কিন্তু যোৱা এটা দশকৰ পূৰ্বে ভাৰতত বিজেপি ক্ষমতালৈ অহাৰ পিছতে বাংলাদেশলৈ গৰুৰ সৰবৰাহ বন্ধ হয়। এনে পৰিণতিত চাহিদা পূৰণ কৰিবলৈ বাংলাদেশত গৰু পালনো বৃদ্ধি পায়।
বাংলাদেশত এতিয়া সৰু-বৰ মিলাই ২০ লাখ খেতিয়ক আছে। বহু শিক্ষিত উদ্যোগীৰো সৃষ্টি হৈছে। যোৱা ১০ টা বছৰত বাংলাদেশত পশুধনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰশীলতা বৃদ্ধি পাইছে।
এইবাৰ বাংলাদেশত কোৰবানীৰ বাবে প্ৰয়োজনীয় পশুৰ সংখ্যা ১ কোটি ২৯ লাখ ৮০ হজাৰ ৩৬৭ টা। যি চাহিদাতকৈ ২৩ লাখ অধিক। যোৱা বছৰতকৈ এই সংখ্যা ৪ লাখ ৪৪ হাজাৰ ৩৪ অধিক। এনে পৰিস্থিতিতো ভাৰতৰ পৰা চোৰাংকৈ বংলাদেশলৈ গৰু সৰবৰাহ হৈ থকাত এতিয়া স্থানীয় গোপাসক সকল চিন্তিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a0713752-4b59-4501-9236-4f87dfd07fb0/76d58d64-6c90-47fb-a406-072244bd82e7.jpg)
স্থানীয় গোপালসকলে এই প্ৰতিবেদকক জনোৱা অনুসৰি, সীমান্তৱৰ্তী জিলাসমূহৰ বজাৰসমূহ এতিয়া ভাৰতীয় গৰুৰে ভৰি আছে। কিছুমান বজাৰত, স্থানীয় গৰুতকৈ অধিক ভাৰতীয় গৰু আছে। বাংলাদেশে গোপালনেৰে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ বাবে যোৱা কেইবছৰমানত ভাৰতৰ সীমান্তৰ মাজেৰে গৰু চোৰাংকৈ অনা হোৱা নাছিল।
কৃষক সংগঠনৰ নেতাসকলে কয়, ঈদ-উল-আজহাৰ পূৰ্বে সীমান্তৰ নিৰাপত্তা অধিক কঠোৰ হয়। কিন্তু এইবাৰ সীমান্তৰ নিৰাপত্তাত সেই কঠোৰতা নাই। বহুক্ষেত্ৰত, প্ৰশাসনৰ লোকসকলে দেখিও নেদেখাৰ ভাও ধৰিছে। ইয়াৰ ফলস্বৰূপে, বাংলাদেশৰ গোপালক, কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। লগতে এই গৰুবোৰৰ সৈতে বিভিন্ন ৰোগৰো সংক্ৰমণ হৈছে। ফলত দুগ্ধ খণ্ডতো দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9970a1fa-2719-4fd9-84bc-78f7f9ef0cb8/addb3651-f765-4945-9ffc-5bbb88ed4cc3.jpg)
সূত্ৰ অনুসৰি অসম, পশ্চিম বংগ, মেঘালয় আৰু ত্ৰিপুৰাৰ সীমান্তৰে প্ৰতিদিনে হাজাৰ হাজাৰ ভাৰতীয় গৰু বাংলাদেশত প্ৰৱেশ কৰি আছে। যদিও নিশাহে গৰুৰ চোৰাং সৰবৰাহৰ সংখ্যা অধিক হয় এইবাৰ দিনৰ পোহৰতো বহু চোৰাং গৰুৰ সৰবৰাহ চলি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/61d31d79-7603-4bdf-8569-9f350c7b2ca5/9bb6f5a1-f1af-4e12-ab48-960b240a1f7f.jpg)
চোৰাং ব্যৱসায়ীসকলে অঞ্চলটোৰ স্থানীয় গৰু বজাৰৰ পৰা ধনৰ বিনিময়ত ক্ৰয় কৰাৰ ৰচিদ সংগ্ৰহ কৰি অবৈধ গৰু সৰবৰাহক বৈধ হিচাপে প্ৰমাণ কৰি দেখুৱাইছে। যেতিয়াই এই গৰুবোৰ জব্দ কৰিবলৈ চেষ্টা কৰে তেতিয়াই চোৰাং ব্যৱসায়ীসকলে সেই ৰচিদ দেখুৱাই কোনো বাধা অবিহনে আঁতৰি যায়। ইয়াৰ পিছত এই গৰুবোৰ কলৰ ভোৰৰ জৰিয়তে নদীৰে পাৰ কৰা হয় আৰু পাছত বাংলাদেশৰ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5fe4cc16-eaf2-4ed1-bdb2-ff4d590abf11/4fb9656b-b832-4b0e-bbea-bc852b517c87.jpg)
Also Read: বেইজিঙৰ আগ্ৰহৰ পাছতো চীন ভ্ৰমণৰ পূৰ্বে পুনৰ দিল্লীলৈ শ্বেইখ হাছিনা...