শিক্ষানুষ্ঠানৰ পিছত এইবাৰ বেচৰকাৰী সংস্থাতো নিষিদ্ধ হ'ল নাৰী...

শিক্ষানুষ্ঠানৰ পিছত এইবাৰ বেচৰকাৰী সংস্থাতো নিষিদ্ধ হ'ল নাৰী...

ডিজিটেল ডেস্ক : ক্ৰমাৎ শোচনীয় হৈ গৈ আছে আফগানিস্তানৰ পৰিৱেশ । সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম নহয় কোনো শক্তিশালী দেশেই । অথবা অনিচ্ছুক । কিন্তু একে সময়তেই খাৰুৱা তেলৰ লালসাত নিকটৱৰ্তী ৰাষ্ট্ৰ সমূহত বিশ্বশক্তিবোৰে অনায়াসে চলাই গৈছে সন্ত্ৰাসবাদ নিৰ্মূলৰ অভিযান । কিন্তু তালিবানৰ ৰম্যভূমি আফগানিস্তান এতিয়া কেৱল সহায়ৰ অপেক্ষাত ।

শেহতীয়াকৈ দেশখনত তালিবানে শিক্ষানুষ্ঠানত নাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত এইবাৰ বেচৰকাৰী সংস্থা অথবা এন জি অ' সমূহত নিষিদ্ধ কৰে নাৰীক । অৰ্থাৎ এতিয়াৰে পৰা আফগানিস্তানত বেচৰকাৰী সংস্থা সমূহত কাম কৰিব নোৱাৰিব কোনো নাৰীয়ে ।    

এই নিষিদ্ধকৰণৰ সিদ্ধান্ত সমূহে এফালৰ পৰা নি:শেষ কৰি আহিছে আফগানিস্তানৰ নাৰীসকলৰ মৌলিক আৰু ব্যক্তিগত অধিকাৰক । পুৰুষতান্ত্ৰিক মানসিকতাই ক্ৰমাৎ অৱক্ষয় ঘটাই আহিছে আফগানিস্তানৰ সমাজখনৰ । কিন্তু সমালোচনা কৰাৰ বাহিৰে একো সহায় লাভ কৰা নাই বহি:বিশ্বৰ পৰা ।

আনহাতে, এই সিদ্ধান্ত সন্দৰ্ভত শনিবাৰে বেচৰকাৰী সংস্থা সমূহলৈ পত্ৰ প্ৰেৰণ আফগানিস্তান চৰকাৰে । কোনো নাৰীক কৰ্মসংস্থাপন দিলে অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব সংস্থা সমূহৰ । এই ভাবুকিৰ পিছত নিশ্চয়কৈ নিজৰ অনুজ্ঞাপত্ৰ বাতিল কৰাবলৈ আগবাঢ়ি নাহে কোনো সংস্থা ।

কিন্তু ইয়াৰ সৈতেই সদৰি হোৱা আন এটি ভয়ংকৰ তথ্য হ'ল পুৰুষ কৰ্মী থকা কোনো প্ৰতিষ্ঠানৰ পৰা প্ৰত্যক্ষ সহায়ৰ হাত নাপায় আফগানিস্তানৰ কোনো নাৰীয়ে । তেনেস্থলত পুৰুষ কৰ্মী থকা এখন চিকিৎসালয়ৰ পৰা কি আশা কৰিব পাৰে এগৰাকী নাৰীয়ে ? প্ৰয়োজনত হয়তো মৃত্যুবৰণো কৰিব লগীয়া হ'ব পাৰে নাৰী গৰাকীয়ে বিনা চিকিৎসাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in