মিচিং ভাষাৰ প্ৰথম ঔপন্যাসিক সুৰেণ দলেৰ স্মৃতি চাৰণ সভা...

মিচিং-অসমীয়া ভাষাৰ দুমহীয়া বাৰ্তালোচনী 'গুৰবান' উন্মোচন
মিচিং ভাষাৰ প্ৰথম ঔপন্যাসিক সুৰেণ দলেৰ স্মৃতি চাৰণ সভা...

ডিজিটেল সংবাদ, জোনাই : 'বগুম চৃঃলুং আৰাদক য়ুমে ললাদ'ৰ সৃষ্টা তথা মিচিং ভাষাৰ প্ৰথম ঔপন্যাসিক সুৰেণ দলেৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি বাহিৰ জোনাই দলুং কেবাঙৰ উদ্যোগত আৰু গুৰবান গমলাব অপেৰ সহযোগত বাহিৰ জোনাই পঞ্চায়তৰ সভা কক্ষত এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া প্ৰদীপ কুমাৰ দলে আৰু অনন্ত কুমাৰ দলেৰ দ্বাৰা মিচিং ভাষাৰ প্ৰথম ঔপন্যাসিক সুৰেণ দলেৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্যাৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে মিচিং সমাজৰ যশস্বী সাহিত্যিক, বিশিষ্ট সমাজ সংগঠনক, বৰেণ্য ব্যক্তি তথা 'বগুম চৃঃলুং আৰাদক য়ুমে ললাদ' নামৰ মিচিং ভাষাত লিখা প্ৰথমখন উপন্যাসৰ সৃষ্টা সুৰেণ দলে আজীৱন সাহিত্য-সংস্কৃতিৰ সাধক আছিল। সুৰেণ দলেয়ে 'লেকে নিঃতম', 'আলি-আয়ে-লৃগাং', 'নিঃতম তুলি', 'চৃঃচাং আজন' 'বগুম চৃঃলুং আৰাদক য়ুমে ললাদ', 'বৃম ৰুক্‌চুদদক গমুগ', মিবু আঃবাং আৰু 'কম্বং' আদি মৌলিক গ্ৰন্থ প্ৰণয়ন কৰি মিচিং আৰু অসমীয়া সাহিত্য জগতত চহকী কৰি গৈছে।

বাহিৰ জোনাই দলুং কেবাঙৰ সভাপতি ভূপেন দলেৰ সভাপতিত্বত আৰু সম্পাদক বিদ্যুত দলেয়ে আঁত ধৰা ঔপন্যাসিক সুৰেণ দলেৰ স্মৃতি চাৰণ সভাখন শিল্পী টংকেশ্বৰ দলেৰ গীতেৰে শুভাৰম্ভ কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে উদ্বোধন সভাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট কবি মাধব পাৱ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলেশ্বৰ কাৰ্দং, বিশিষ্ট কবি তোষেশ্বৰ মিৰি আগৰৱালা, অৱসৰপ্ৰাপ্ত শিক্ষক দিবাকৰ মিলি, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলে, ৰয়েল পেগু, বিজয় বৰি, সুৰেণ দলেৰ পুত্ৰ অনন্ত দলে, ডা: তিলেশ্বৰ কামনা, মুখেশ দলে, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰবক্তা কৃষ্ণ দলে, জোনাই জিলা সমিতি টি এম পি কেৰ সভাপতি সঞ্জয় কুম্বাং আদিয়ে মিচিং ভাষাৰ প্ৰথম ঔপন্যাসিক সুৰেণ দলেৰ সৃষ্টিশীল সাহিত্য কৰ্ম আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অবদানক উল্লেখ কৰি স্মৰণ কৰে।

ইপিনে অনুষ্ঠানত মিচিং আগম কেবাঙৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট লেখক-শিল্পী ইন্দ্ৰেশ্বৰ পেগুৰ দ্বাৰা 'গুৰবান' নামৰ মিচিং-অসমীয়া ভাষাৰ দুমহীয়া বাৰ্তালোচনীখনৰ প্ৰথম সংখ্যা উন্মোচন কৰে। 'গুৰবান' বাৰ্তালোচনীৰ মুখ্য সম্পাদক ড0 দীপক কুমাৰ দলে, সম্পাদক বিজয় বৰি আৰু প্ৰকাশক ৰয়েল পেগু। অনুষ্ঠানত যশস্বী কণ্ঠশিল্পী তৰাৱতী মিলি বৰি আৰু শিল্পী ইন্দ্ৰেশ্বৰ পেগুৱে গীত পৰিবেশন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in