প্ৰৱঞ্চনা! শীঘ্ৰেই ৰাছিয়াৰ হৈ যুদ্ধ কৰি থকা ভাৰতীয় আহিব ঘূৰি: কেন্দ্ৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দুবছৰ ধৰি যুদ্ধ চলি আছে। বৰ্তমানলৈকে এই যুদ্ধত ২০ হাজাৰতকৈ অধিকলোকৰ মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
প্ৰৱঞ্চনা!  শীঘ্ৰেই ৰাছিয়াৰ হৈ যুদ্ধ কৰি থকা ভাৰতীয় আহিব ঘূৰি: কেন্দ্ৰ

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দুবছৰ ধৰি যুদ্ধ চলি আছে। বৰ্তমানলৈকে এই যুদ্ধত ২০ হাজাৰতকৈ অধিকলোকৰ মৃত্যু হৈছে। ইয়াৰ মাজতে খবৰ আহিছে যে ৰাছিয়াই ভাৰতীয় যুৱকক চাকৰি দিম বুলি বলপূৰ্বকভাৱে ইউক্ৰেইনৰ হৈ যুদ্ধ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।

Advertisment

ইয়াৰ মাজতে ভাৰতে ৰাছিয়াত বাস কৰা ভাৰতীয় লোকসকলৰ বাবে এক আহ্বান জাৰি কৰিছে। শুকুৰবাৰে চৰকাৰে ভাৰতীয় লোকসকলক সাৱধানে থাকিবলৈ আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰা দূৰত থকাৰ আহ্বান জনায়।

বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা ৰনধীৰ জয়ছাৱালে কয় যে, আমি জানো যে কিছুমান ভাৰতীয় নাগৰিকে ৰাছিয়ান সেনাত সহকাৰী চাকৰিৰ বাবে চুক্তিবদ্ধ হৈছে। ভাৰতীয় দূতাবাসে তেওঁলোকক সোনকালে মুক্ত কৰাৰ বাবে সংশ্লিষ্ট ৰাছিয়ান কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে। আমি সকলো ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছো।

জানিব পৰা মতে ৪ গৰাকী ভাৰতীয় যুৱকক ৰাছিয়া-ইউক্ৰেইনৰ সীমাক ৰাছিয়াৰ সৈনিকৰ সৈতে যুদ্ধ কৰাৰ বাবে বাধ্য কৰা হৈছে। ইয়াৰে এজন যুৱক তেলেংগনাৰ আৰু ৩ জন কৰ্ণাটকৰ। এইটো কেতিয়াৰ ঘটনা এতিয়ালৈকে স্পষ্ট হোৱা নাই।

তথ্য অনুসৰি ২০২৩ চনৰ নৱেম্বৰ মাহ পৰা প্ৰায় ১৮ গৰাকী ভাৰতীয় নাগৰিক ৰাছিয়া-ইউক্ৰেইন সীমান্তত আৱদ্ধ হৈ আছে। এই লোকসকলৰ আত্মীয়ই কৈছে যে কিছুমান এজেন্টে ২০২৩ চনৰ ডিচেম্বৰত চাকৰিৰ নামত ভাৰতীয়সকলক প্ৰৱঞ্চনাৰে ৰাছিয়া হৈ যুদ্ধ কৰিবলৈ পঠিয়াইছিল। এতিয়া এই ভাৰতীয়সকলে সহায়ৰ বাবে অনুৰোধ কৰিছে।

Also Read: ৰাজ্যৰ প্ৰথমটো সৰিয়হ উদ্যোগৰ অচিৰেই শুভাৰম্ভ

russia ukraine