ৰাজ্যৰ প্ৰথমটো সৰিয়হ উদ্যোগৰ অচিৰেই শুভাৰম্ভ

ৰাজ্যৰ প্ৰথমটো সৰিয়হ উদ্যোগৰ অচিৰেই শুভাৰম্ভ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ কৃষিখণ্ডৰ এক শুভ বাৰ্তাই পোখা মেলিছে ঢকুৱাখনাত। ৰাজ্যখনৰ ভিতৰতে বিশ্ব বেংকৰ সাহাৰ্যৰে প্ৰথমতো  সৰিয়হ কৃষি ভিত্তিক উদ্যোগ শুভাৰম্ভৰ দিশে গতি কৰিছে ঢকুৱাখনাত।  বিশ্ব বেংকৰ  "এপাৰ্ট" আঁচনিৰ অধীনত  ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিৰ বাঢ়ৈচলাত স্থাপিত এই বহুমুখী কৃষি প্ৰকল্পৰ উৎপাদনমুখী কামৰ অচিৰেই শুভাৰম্ভ হ'ব।

বিশ্ব বেংকৰ প্ৰায় ৪কোটি ৩৫ লাখ ব্যয় সাপেক্ষ ৰাজসাহায্য যুক্ত এই প্ৰকল্পটোৰ সকলো কাম চলিত ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে  আন্তঃগাঁঠনি নিৰ্মাণৰ কাম তীব্ৰগতিত চলি আছে । লখিমপুৰ জিলাৰ তদানীন্তন জিলা আয়ুক্ত শোণিত স্বত্বাৱনে বিশ্ব বেংকৰ শীর্ষ আমোলা বিষয়াৰ উপস্থিতিত যোৱা ২০২১ বর্ষৰ ১০ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা এই বহুমুখী কৃষি প্ৰকল্পৰ নিৰ্মান কাৰ্য প্ৰায় সমাপ্তিৰ পথত। 

প্ৰধানকৈ সৰিয়হ খেতিৰ প্ৰচুৰ উৰ্বৰ  আৰু উৎপাদন ক্ষেত্ৰ ঢকুৱাখনা মহকুমাৰ লগতে সমীপৱৰ্তী জিলাৰ চহা উৎপাদিত সৰিয়হ উচিত বজাৰ দৰত ক্ৰয় কৰি  এই কৃষি প্ৰকল্পত নিভাঁজ আৰু পৰিশুদ্ধ স্বাস্থ্যসন্মত কাচি ঘানিৰ মিঠাতেল প্ৰস্তুত কৰা হ'ব। সোৱণশিৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড নামৰ এটা কৃষি গোট গঠন কৰি কেঁকুৰী সোনাৰী চাপৰি  অঞ্চলৰ ২০  গৰাকী উদ্যমী কৃষকে দেখা এই স্বাৱলম্বনৰ সপোন বাস্তৱত পৰিণত হোৱাৰ ক্ষণ সমাগত।

"গ্ৰাম ঠন" নামৰ আন্তঃৰাষ্ট্ৰীয় কাৰিকৰী গোটৰ পৰিচালনা আৰু তদাৰকীৰে  আৰম্ভ হৈ সম্প্ৰতি সম্পূৰ্ণতাৰ মুখ দেখিবলৈ সক্ষম হোৱা এই প্ৰকল্পটোৰ প্ৰধান চালিকা শক্তি স্বৰূপ "সোৱণশিৰী এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড"। ইয়াৰ মুখ্য পৰামৰ্শদাতা অজিত খনিকৰ ,পৰিচালন সঞ্চালক পুতুল খনিকৰ, সঞ্চালক ৰাতুল খনিকৰে সোৱণশিৰী ৰাজহ চক্ৰৰ ১নং কৰৈগুৰি ৰাজহ মেপৰ ৪ বিধা ৩ লোচা বাণিজ্যিক ভূ-খণ্ডত ৮০ শতাংশ ৰাজ সাহায্য আৰু এণ্টাৰপ্ৰাইজৰ অংশীদাৰী ২০ গৰাকী কৃষকৰ  ২০ শতাংশ অৰ্থানুদানেৰে আন্তঃগাঁঠনি নিৰ্মাণ কাৰ্য প্ৰায় ৯২ শতাংশ সম্পূৰ্ণ হোৱাৰ তথ্য সদৰী কৰিছে।

সমাগত ভাৰত বিকাশ যাত্ৰাৰ অংশ হিচাপে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত এই ব্যয়বহুল কৃষি প্ৰকল্পতো শুভাৰম্ভ কৰাৰ পাছৰে পৰাই প্ৰকল্পটোৰ উৎপাদনশীলতাৰো আৰম্ভ কৰা হ'ব।

"লখিমপুৰ এগ্ৰ' ইন্দ্ৰাস্ত্ৰী এছচিয়েছন"  চমুকৈ (লাপীয়া)ৰ অধীনত  নিৰ্মিত এই কাচি ঘানি (kashi ghani)ত উৎপাদিত মিঠাতেল "সোৱণশিৰী কাচি ঘানি মিঠাতেল হিচাবে সামগ্ৰীক ভাবে বজাৰত উপলব্ধ হ'ব বুলি এণ্টাৰপ্ৰাইজৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে।

বিশ্ব বেংকৰ পুঁজিৰে স্থাপিত এই বৃহৎ কৃষি ভিত্তিক উদ্যোগতোলৈ পাঞ্জাৱৰ লুধিয়ানাৰ স্বাস্ত্বিক  ট্রেডাৰছে সকলো যন্ত্ৰপাতি যোগান ধৰি প্ৰকল্পটো কাৰ্যকৰী কৰাত মনোনিবেশ কৰি আহিছে। ইতিমধ্যে প্ৰকল্প চৌহদ বৈদ্যুতিকৰণৰ পৰ্যন্ত কাম সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ল।

সৰিয়হ উদ্যোগটোক লৈ উৎসাহী আৰু আশাবাদী উদ্যমী অংশীদাৰী সকলে চলিত ঋতুৰ পৰাই সৰিয়হ ক্ৰয় কৰি পৰিশুদ্ধ কাচি ঘানি মিঠাতেল উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ আশা ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ আগত। সচৰাচৰ বজাৰত উপলব্ধ মিঠাতেলৰ তুলনাত অধিক পৰিশুদ্ধ আৰু স্বাস্থ্যসন্মত কাচি ঘানিৰ মিঠাতেল প্ৰকল্পটোৰ জৰিয়তে উৎপাদন কৰি "সোৱণশিৰী"ব্ৰেণ্ড নামেৰে বজাৰত সুলভ মূল্যত উপলব্ধ হ'ব বুলি জানিবলৈ দিছে উদ্যোগী যুৱক সকলে।

ঊল্লেখ্য যে এই প্ৰকল্পটোৰ জৰিয়তে সমগ্ৰ ঢকুৱাখনা মহকুমাৰ লগতে সমীপৱৰ্তী লখিমপুৰ, ধেমাজি ,মাজুলীৰ আৰ্থ সামাজিক পৰিকাঠামোৰ দ্ৰুত উন্নয়ন হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে।

ৰাজ্যৰ প্ৰথমটো সৰিয়হ উদ্যোগৰ অচিৰেই শুভাৰম্ভ
গোলাঘাটৰ আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৫৪ লক্ষাধিক টকাৰ নিচা জাতীয় সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in