অনন্য অষ্ট্ৰেলিয়া সংসদ ভৱন

অনন্য অষ্ট্ৰেলিয়া সংসদ ভৱন

author-image
Asomiya Pratidin
New Update
অনন্য অষ্ট্ৰেলিয়া সংসদ ভৱন

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰায়সংখ্যক দেশৰে সংসদ ভৱনত সাধাৰণ লোকে দৰ্শনৰ বাবে প্ৰৱেশ কৰাটো সাধাৰণ কথা নহয়।সংসদ ভৱনত থাকে উচ্চ পৰ্যায়ৰ নিৰাপত্তা বেষ্টনী। সমান্তৰালকৈ থাকে উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰক্ষী।এনেবোৰ নিৰাপত্তাৰক্ষী তথা বিষয়াৰ অনুমতি অবিহনে প্ৰৱেশ অসম্ভৱ।

Advertisment

ব্যতিক্ৰম নহয় ভাৰতৰ সংসদ ভৱনো। বিনা অনুমতিত কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে দেশৰ সংসদ ভৱনত। কিন্তু বিশ্বৰ বিভিন্ন দেশৰ একাংশ সংসদ ভৱনৰ মাজতে ব্যতিক্ৰম অষ্ট্ৰেলিয়াৰ সংসদ ভৱন।

১৯০১ চনৰ ৯ মে'ত স্থাপন হৈছিল অষ্ট্ৰেলিয়া সংসদ ভৱন। অষ্ট্ৰেলিয়া সংসদ ভৱনত সোমাবলৈ নালাগে কোনো প্ৰৱেশ পত্ৰ অথবা শীৰ্ষ বিষয়াৰ অনুমতি। যিকোনো লোকে সংসদ ভৱনটিত গৈ চাই আহিব পাৰে।

ইয়াৰোপৰি সংসদ ভৱনৰ ভিতৰত বাজেট অধিৱেশন বা তেনে কোনো বৈঠক অনুষ্ঠিত হৈ থাকিলে সাধাৰণলোকে গৈ সেই বৈঠক চাই আহিব পাৰে। ইয়াৰ বাবেও নালাগে কোনো প্ৰৱেশ পত্ৰ বা অনুমতি। অৱশ্যে সাধাৰণ দৰ্শকৰ বাবে সংসদ ভৱনৰ ভিতৰত ফটো বা ভিডিঅ' সংগ্ৰহ কৰাৰ অনুমতি নাই।

উল্লেখ্য যে, সংসদ ভৱনটি ১৯০১ চনত প্ৰতিষ্ঠা কৰা হৈছিল যদিও ইয়াক নতুনকৈ ১৯৮৮ চনত ৰাজধানী কেনবেৰাত পুনঃনিৰ্মাণ কৰা হয়। উক্ত বৰ্ষৰে ৯মে'ৰ দিনা অষ্ট্ৰেলিয়াৰ ৰাণী দ্বিতীয় এলিজাবেথে সংসদ ভৱনটি উদ্বোধন কৰে।

Also Read: জোনমণি কাণ্ডঃ জামিন লাভ ট্ৰাকচালক সুমিত কুমাৰৰ

australia parliament house