জোনমণি কাণ্ডঃ জামিন লাভ ট্ৰাকচালক সুমিত কুমাৰৰ

জোনমণি ৰাভাক খুন্দিওৱা ট্রাক চালকজনৰ জামিন লাভ। চিআইডিৰ ওচৰত আত্মসমৰ্পন কৰা সুমিত কুমাৰে শনিবাৰে লাভ কৰিলে জামিন।

author-image
Asomiya Pratidin
New Update
জোনমণি কাণ্ডঃ জামিন লাভ ট্ৰাকচালক সুমিত কুমাৰৰ

ডিজটেল ডেস্কঃ জোনমণি ৰাভাক খুন্দিওৱা ট্রাক চালকজনৰ জামিন লাভ। চিআইডিৰ ওচৰত আত্মসমৰ্পন কৰা সুমিত কুমাৰে শনিবাৰে লাভ কৰিলে জামিন। দণ্ডবিধি আইনৰ 279/427/304 ধাৰাত ৰুজু কৰা হৈছিল গোচৰ।

Advertisment

উল্লেখ্য যে, ১৬ মেত এক দুৰ্ঘটনাত মৃত্যু হৈছিল উপ-পৰিদৰ্শক জোনমণিৰ ৰাভাৰ। তেওঁৰ মৃত্যুৰ পাছতেই এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল একাংশই। প্ৰথম অৱস্থাত এই ঘটনাৰ তদন্ত চিআইডিক দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত এই গোচৰৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰা হয়।

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত পোহৰলৈ আহিছিল নকল সোণ, জালনোটৰ ব্যৱসায়। এই ব্যৱসায়ৰ লগত নাম সাঙোৰ খাইছিল কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম। যাৰ পাছত আৰক্ষী বিষয়া ৰুণা নেওগক বদলি কৰাৰ লগতে আন একাংশ আৰক্ষীক বদলি কৰা হৈছিল।

জোনমণিৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাইছিল এছ পি লীনা দলেৰ। যাৰ পৰৱৰ্তী সময়ত লীনা দলেক বদলি কৰা হৈছিল। কেৱল ইমানেই নহয়, এই ঘটনাৰ লগত জড়িত আৰক্ষী বিষয়া মনোজ ৰাজবংশীক নিলম্বনো কৰা হৈছে।

ঘটনা সংঘটিত হোৱাৰ কিছুদিনলৈ পলাতক আছিল ট্ৰাকৰ চালক। তাৰ পাছতেঅ তেওঁ আত্মসমৰ্পন আৰু পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনা চাঞ্চল্য মাৰ নৌযাঁওতেই আজি ট্ৰাক চালকৰ জামিন লাভে যথেষ্ঠ চৰ্চা লাভ কৰিছে।

Also Read: টকাৰ বাবে হত্যা কৰিলে প্ৰেমিকাক, ফ্ৰীজত উদ্ধাৰ মৃতদেহৰ টুকুৰা

Assam police junmoni rabha