ড্ৰাগছৰ জৰিয়তে সবল অৰ্থনীতি গঢ়িবলৈ গৈ বিপদত ছিৰিয়া

ড্ৰাগছৰ জৰিয়তে সবল অৰ্থনীতি গঢ়িবলৈ গৈ বিপদত ছিৰিয়া

ডিজিটেল ডেস্ক : মধ্য পূৰ্বৰ দেশসমূহ ইতিমধ্যেই বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত । সন্ত্ৰাসবাদ, সীমা বিবাদৰ ওপৰিও এই অঞ্চলসমূহৰ আন এক গুৰুতৰ সমস্যা হৈছে ড্ৰাগছ । কেৱল মধ্য পূৰ্বতেই নহয় বৰং সমগ্ৰ বিশ্বলৈ ড্ৰাগছৰ ৰপ্তানিয়ে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে বিশ্বৰ আগশাৰীৰ দেশ সমূহত । তেনে সময়তেই কিন্তু আজিৰ পৰা এটা দশক পূৰ্বে ছিৰিয়া নামৰ দেশখনে এই ড্ৰাগছকেই সবল অৰ্থনীতি গঢ়াৰ সোণালী সুযোগ হিচাপে গ্ৰহণ কৰি ড্ৰাগছৰ বেহা আৰম্ভ কৰিছিল ।

এমফেটামাইন প্ৰজাতিৰ এই বিধ ড্ৰাগছৰ নাম হৈছে কেপ্টাগন । যাৰ ব্যৱহাৰ ছিৰিয়াৰ চৰকাৰে সেনা বাহিনীটো কৰে বুলি ইতিমধ্যে বহু বিশেষজ্ঞই দাবী কৰিছিল । আনহাতে, ২০১১ চনতেই ড্ৰাগছৰ সমৰ্থনত ৰাষ্ট্ৰৰ অৰ্থনীতি গঢ়িবলৈ যোৱা ছিৰিয়াৰ সৈতে আন ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক সম্পৰ্ক বৰ্জন কৰিবলৈ সমগ্ৰ বিশ্বক আহ্বান জনাইছিল । এতিয়া এটা দশক পিছত এই ড্ৰাগছৰ বাবেই পুনৰ বিপদৰ সন্মুখীন হ'ব পাৰে ছিৰিয়া । ছিৰিয়‍াৰ প্ৰশাসনিক ক্ষেত্ৰত এতিয়া বৈদেশিক ৰাষ্ট্ৰসমূহে হেচা প্ৰয়োগ কৰিব বুলি সন্দেহ কৰা হৈছে কেৱল কেপ্টাগন নামৰ ড্ৰাগছৰ বাবেই ।

উল্লেখ্য যে, বিগত সপ্তাহত কেৱল এটা স্থানৰ পৰাই ৪৭ মিলিয়ন কেপ্টাগন ড্ৰাগছৰ টেবলেট জব্দ কৰিছিল চৌদি আৰৱে । যাৰ বাবে পুনৰ চৰ্চালৈ আহিছিল এই বিষয়টি । এতিয়া চৌদি আৰৱৰ হস্তক্ষেপতেই ছিৰিয়াৰ ৰাজনীতি পুনৰ উত্তাল আৰু অস্থিৰ হোৱাৰ দিশে কেৱল এটি ড্ৰাগছৰ জৰিয়তে অৰ্থনৈতিক সাম্ৰাজ্য গঢ়িবলৈ যোৱাৰ বাবে ।

ড্ৰাগছৰ জৰিয়তে সবল অৰ্থনীতি গঢ়িবলৈ গৈ বিপদত ছিৰিয়া
মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in