ভাৰতক 'প্ৰকৃত বন্ধু' আখ্যা তুৰস্কৰ, ধ্বংসস্তুপত পৰিণতি ৰাষ্ট্ৰক ২৪ ঘন্টাৰ ভিতৰতে সহায়...

প্ৰকৃতিৰ ৰোষত পৰিছে তুৰস্ক । এটাৰ পাছত আনটো ভূমিকম্পই এফালৰ পৰা ধ্বংসলীলা চলাইছে ৰাষ্ট্ৰখনত । ২৪ ঘন্টাৰ ভিতৰতেই কেইবাটাও ডাঙৰ ভূমিকম্পৰ ফলত তুৰস্ক এতিয়া হৈ পৰিছে ধ্বংসস্তূপ ।

author-image
Asomiya Pratidin
New Update
ভাৰতক 'প্ৰকৃত বন্ধু' আখ্যা তুৰস্কৰ, ধ্বংসস্তুপত পৰিণতি ৰাষ্ট্ৰক ২৪ ঘন্টাৰ ভিতৰতে সহায়...

turkey thank to india

ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰোষত পৰিছে তুৰস্ক । এটাৰ পাছত আনটো ভূমিকম্পই এফালৰ পৰা ধ্বংসলীলা চলাইছে ৰাষ্ট্ৰখনত । ২৪ ঘন্টাৰ ভিতৰতেই কেইবাটাও ডাঙৰ ভূমিকম্পৰ ফলত তুৰস্ক এতিয়া হৈ পৰিছে ধ্বংসস্তূপ । ২০২১ চনৰ পৰা বৰ্তমানলৈকে অহা সৰ্ববৃহৎ ভূমিকম্পৰূপে পৰিচিত হ'ল তুৰস্কৰ ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প ।

২৪ ঘন্টাৰ ভিতৰতে ভাৰতে সহায়ৰ হাত আগবঢ়োৱা বাবে তুৰস্কই ভাৰতত বন্ধু বুলি অভিহিত কৰিছে। ভাৰতত তুৰস্কৰ ৰাষ্ট্ৰদূত ফিৰাট চুনেলে নতুন দিল্লীক ধন্যবাদ জনাই কয়, "প্ৰয়োজনত বন্ধু এজন সঁচাকৈয়ে বন্ধু।"

টুইটাৰৰ জৰিয়তে তেওঁ কয়, "ড'ষ্ট" তুৰ্কী আৰু হিন্দী ভাষাত এটা সাধাৰণ শব্দ। আমাৰ এটা তুৰ্কী প্ৰবাদ আছে: "দোষ্ট কাৰা গুণ্ডে বেলি ওলুৰ" (প্ৰয়োজনীয় বন্ধু এজন সঁচাকৈয়ে প্ৰকৃত বন্ধু)। ভাৰতক বহুত ধন্যবাদ।"

এই ভূমিকম্পত নিমিষতে ধূলিৰ সৈতে মিলিত হৈ গৈছিল ৬২০০ তকৈ অধিক অট্টালিকা। যাৰ ফলত বৰ্তমানলৈকে ৪ হেজাৰতকৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। অনাগত সময়ত উদ্ধাৰ অভিযানৰ সৈতেই এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা বহু বেছি ।

এনে এক দু:সহ সময়ত তুৰস্কৰ কাষত থিয় দিছে ভাৰতে । ইতিমধ্যে তুৰস্কলৈ পঠিওৱা হৈছে সাহায্য সহিতে কেইবাখনো বায়ু সেনাৰ বিমান । এই বিমান কেইখনত আছে উদ্ধাৰকাৰীৰ দল, প্ৰশিক্ষিত স্নীফাৰ ড'গ, প্ৰয়োজনীয় ৰেচন, মাটি খন্দা মেছিন আৰু ঔষধ । যাৰ বাবে ভাৰতক ধন্যবাদ জনাইছে তুৰস্কই।

আৰু পঢ়ক: বাল্য বিবাহবিৰোধী অভিযান, সমান্তৰালভাৱে নিৰ্মাণ অস্থায়ী কাৰাগাৰ

turkey india earthquake