বাল্য বিবাহবিৰোধী অভিযান, সমান্তৰালভাৱে নিৰ্মাণ অস্থায়ী কাৰাগাৰ

অসমৰ বিভিন্ন ঠইত নিৰ্মাণ কৰি থকা হৈছে অস্থায়ী কাৰাগাৰ। ইতিমধ্যে নতুন কাৰাগাৰ সাজিবলৈ ব্যস্ত হৈ পৰিছে শ্ৰমিক সকল।

author-image
Asomiya Pratidin
New Update
বাল্য বিবাহবিৰোধী অভিযান, সমান্তৰালভাৱে নিৰ্মাণ অস্থায়ী কাৰাগাৰ

ডিজিটেল ডেস্ক: অসমৰ বিভিন্ন ঠইত নিৰ্মাণ কৰি থকা হৈছে অস্থায়ী কাৰাগাৰ। ইতিমধ্যে নতুন কাৰাগাৰ সাজিবলৈ ব্যস্ত হৈ পৰিছে শ্ৰমিক সকল। যোৱা কেইবাদিনো ধৰি ৰাজ্যত চলা বাল্য বিবাহবিৰোধী অভিযানৰ ফলত ২০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যাৰ বাবে অভাৱ হৈছে আছামী ৰখা ঠাইৰ।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি অস্থায়ী কাৰাগাৰ সমূহ এদিন বা দুদিনৰ ভিতৰতে তৈয়াৰ হৈ উঠিব। শিলচৰতো নিৰ্মাণ কৰি থকা হৈছে অস্থায়ী কাৰাগাৰ।

ইতিমধ্যে অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে বাল্য বিবাহবিৰোধী অভিযানৰ অভিযুক্তক। এই অস্থায়ী কাৰাগাৰৰ সন্মুখতে মঙলবাৰে একাংশ মহিলাই স্বামীক মুকলি কৰাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই ৰাজ্যত তীব্ৰতৰ কৰি তোলা হৈছে বাল্য বিবাহবিৰোধী অভিযান। বাল্য বিবাহ সংক্ৰান্তীয় ৪০০০ ৰো অধিক গোচৰ ৰুজু আছে সমগ্ৰ ৰাজ্যত।

আৰু পঢ়ক: আছ মহম্মদৰ সততাঃ ৰাজপথত পোৱা ২৫ লাখ টকা ভৰ্তি বেগ জমা দিলে আৰক্ষীক...

Assam police child marriage