/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f3fde5fc-400c-451c-9f6f-377ebc841856/raee.jpg)
ডিজিটেল ডেস্কঃ তুৰস্ক আৰু ছিৰিয়াৰ পাছত এইবাৰ দক্ষিণ আমেৰিকাত প্ৰকৃতিৰ বিপৰ্যয়। ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় দক্ষিণ আমেৰিকাৰ পেৰু আৰু ইকুৱেডৰ অঞ্চল।
জানিব পৰা মতে শনিবাৰে(১৮ মাৰ্চ) পেৰু আৰু ইকুৱেডৰক ৬.৮ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায়। এই ভূমিকম্পত বৰ্তমানলৈকে প্ৰায় ১৬ জনৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুতো। আহতৰ সংখ্যা ৩৮১ ৰ অধিক বুলি জানিব পৰা গৈছে।
কেইবাটাও অঞ্চলত অট্টালিকা সমূহ চূৰ্ণ বিচূৰ্ণ হৈ পৰে। ধ্বংসস্তূপত পৰিণত হৈছে চাৰিওফাল। বৰ্তমানো উদ্ধাৰকাৰী সকলে অভিযান চলাই আছে। লগতে আহত সকলক হাস্পাতাললৈ প্ৰেৰণ কৰি চিকিৎসা চলাই থকা হৈছে।
Also Read: বৰপেটাত ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ