বৰপেটাত ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ

বৰপেটা ৰোডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ। চিকিৎসকে জনাইছে এই কথা।
বৰপেটাত ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ

ডিজিটেল ডেস্কঃ বৰপেটা ৰোডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ। চিকিৎসকে জনাইছে এই কথা।

জানিব পৰা মতে বৰপেটা ৰোডৰ কস্তুৰী মেডিকেল এণ্ড ডায়’গ্ন’ষ্টিক চেণ্টাৰত এই ঘটনা সংঘটিত হৈছে। চিকিৎসকে শিশুটিৰ ৰোগৰ লক্ষণ অনুমান কৰি কৰিছিল ছ’ন’গ্রাফী। তাৰ পাছতেই পোহৰলৈ আহে এই ঘটনা।

শিশুটিৰ অস্বাভাৱিক আচৰণ আৰু পেটৰ ভিতৰত কোনো টান বস্তুৰ অৱস্থিতি লক্ষ্য কৰি মাতৃয়ে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল শিশুটিক।

চিকিৎসকৰ মতে এনে ঘটনা অতি বিৰল। মাতৃয়ে গৰ্ভধাৰণ কৰাৰ সময়ত শিশুটিৰ পেটত আন এটি ভ্ৰুণে বাহ লৈছিল। প্ৰতি ৫ লাখ মানুহৰ ভিতৰত এটা শিশুৰ ক্ষেত্ৰত এন ঘটনা সংঘটিত হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াত ফিটাচ ইন ফিটো বুলি কোৱা হয়।

চিকিৎসকে জনাই যে অস্ত্ৰোপচাৰৰ দ্বাৰা ভ্ৰুণটি বাহিৰ কৰিব। ইয়াৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ হৈ থাকিব শিশুটি।

বৰপেটাত ৫ মহীয়া শিশুৰ পেটত ওলাল মৃত ভ্রুণ
পঞ্জাৱৰ চাৰি খালিস্তানী নেতাক গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in