/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5ba8c4d6-e348-45c9-a24f-06c564739e04/freddy_17.jpg)
ইতিহাসৰ সৰ্ববৃৎ ঘূৰ্ণী বতাহৰ কৱলত আফ্ৰিকাঃ বিপদৰ সময়ত থিয় দিছে ভাৰত...
ডিজিটেল ডেস্কঃ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে আফ্ৰিকা। ইতিহাসৰ সৰ্ববৃহৎ ঘূৰ্ণী বতাহ ফ্ৰেডীৰ কৱলত পৰিছে আফ্ৰিকা। ফ্ৰেডী ঘূৰ্ণী বতাহে সৃষ্টি কৰা তাণ্ডৱৰ ফলত এই পৰ্যন্ত ৩২৬ জনকৈ লোকে প্ৰাণ ত্যাগ কৰাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ধুমুহাৰ ফলত এই পৰ্যন্ত ১ লাখ ৮৩ হাজাৰ লোক গৃহহীন হৈছে। উল্লেখ্য যে, পূব আফ্ৰিকাৰ মালাৱি এই ঘূৰ্ণি বতাহৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।
মালাৱিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা প্ৰকাশ অনুসৰি যোৱা মাহৰ শেষৰ পৰা দক্ষিণ আফ্ৰিকাৰ উপকূলীয় দেশসমূহত ঘূর্ণী বতাহ ফ্রেডীয়ে বিভিন্ন ধৰণে ক্ষতি কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে ভূমিস্খলনৰ দৰে দুৰ্যোগৰ।
মালাৱীৰ উপৰিও ইয়াৰ দাঁতি কাষৰীয়া দেশ সমূহতো এই ফ্ৰেডীৰ প্ৰভাৱ পৰিছে। যাৰ বাবে এই দেশসমূহতো ক্ষয়, ক্ষতিৰ পৰিমাণ বৃদ্ধি হৈছে। বতৰ বিজ্ঞানীসকলৰ মতে এই ঘূৰ্ণী বতাহৰ উৎপত্তি প্রশান্ত মহাসাগৰত।
ইফালে আফ্ৰিকাৰ দক্ষিণ অংশত তাণ্ডৱ সৃষ্টি কৰি ফ্ৰেডীয় পূব দিশলৈ গতি কৰিছে।মালাৱিৰ ৰাষ্ট্ৰপতি লাজাৰ চাকিছাই এই বিপৰ্যয়ৰ পৰা ৰক্ষা পাবলৈ সহায়ৰ আহ্বান কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰখনক সহায়ৰ আশ্বাস দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us