ঢাল, তৰোৱাল অবিহনে যুঁজত নামিছে হস্ত তাঁত আৰু বস্ত্ৰ বিভাগ ! পাৱাৰলুমৰ গামোচা পৰীক্ষা কৰিবলৈ নাই পৰীক্ষাগাৰ...

ঢাল, তৰোৱাল অবিহনে যুঁজত নামিছে হস্ত তাঁত আৰু বস্ত্ৰ বিভাগ ! পাৱাৰলুমৰ গামোচা পৰীক্ষা কৰিবলৈ নাই পৰীক্ষাগাৰ...

ডিজিটেল ডেস্কঃ ঢাল, তৰুৱাল অবিহনে যুঁজত নামিছে ৰাজ্যৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমুৰ গামোচা ৰাজ্যত নিষিদ্ধ ঘোষণা কৰাৰ পাছতে বিভিন্ন স্থানত বিভাগীয় বিষয়াই পাৱাৰলুমুৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাইছে।

কিন্তু কোনবোৰ গামোচা বহিঃৰাজ্যত মেচিনত তৈয়াৰ হৈ অহা আৰু কোনবোৰ গামোচা অসমত স্থানীয় ভাৱে উৎপাদন কৰা সেই বিষয়ে পৰীক্ষা কৰিবলৈ নাই সুব্যৱস্থা। আজি অসম বিধানসভাৰ শূন্য কালীন ঘন্টাত কংগ্ৰেছৰ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে কৰা এটা প্ৰশ্নত বিভাগীয় মন্ত্ৰীয়ে দিয়া উত্তৰত এই কথা স্পষ্ট হৈছে।

বৰক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে পাৱাৰলুমৰ গামোচা সন্দৰ্ভত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী উ জি ব্ৰহ্মই কয়, অসমত বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ বাবে কোনো পৰীক্ষাগাৰ নাই। যাৰ বাবে বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।

বিধায়ক দিগন্ত বৰ্মনে পূৰ্বে প্ৰশাসনে গঁড় খৰ্গ আৰু ড্ৰাগছ দাহন কৰাৰ দৰেই বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা দাহ কৰাৰ বাবে আহ্বান জনায়। এই প্ৰসংগতে ইউ জি ব্ৰহ্মই কয়, বহিঃৰাজ্যৰ গামোচাৰ বিষয় ৰাজ্য চৰকাৰ সচেতন।

বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তৰ অধীনত একোখনকৈ কমিটী গঠন কৰা হৈছে। এই কমিটীবোৰে বহিঃৰাজ্যক গামোচাৰ বিৰুদ্ধে কাম কৰি আছে।

ইয়াৰোপৰি তেওঁ যোৱা এপ্ৰিলৰ পৰা এতিয়ালৈকে প্ৰায় এটা বছৰত ১৬ হাজাৰ বহিঃৰাজ্যৰ গামোচা জব্দ কৰা বুলিও উল্লেখ কৰে। ইয়াৰোপৰি তেওঁ কয়, বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ বাবে ৰাজ্যত কোনো পৰীক্ষাগাৰ নাই।

যাৰ বাবে গামোচা পৰীক্ষা কৰিবলৈ কলিকতাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিবলগীয়া হয়। কিন্তু কলিকতাৰ পৰীক্ষাগাৰৰ পৰা কোনো প্ৰতিবেদন লাভ নকৰে। যাৰ বাবে গামোচা পৰীক্ষাৰ ক্ষেত্ৰত বিভাগে স্থানীয় বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

ঢাল, তৰোৱাল অবিহনে যুঁজত নামিছে হস্ত তাঁত আৰু বস্ত্ৰ বিভাগ ! পাৱাৰলুমৰ গামোচা পৰীক্ষা কৰিবলৈ নাই পৰীক্ষাগাৰ...
ছেবাৰ সন্মুখত শিক্ষাৰ্থীৰ প্ৰতিবাদঃ মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱা শিক্ষাৰ্থীৰ পৰীক্ষা নিদিয়াৰ হুংকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in