স্বদেশলৈ ঘূৰিল ২০৭ ইউক্ৰেইনী বন্দী

সৈনিকসকলৰ মুক্তি সন্দৰ্ভত দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া আলোচনাৰ ফলত হোৱা চুক্তি অনুসৰিয়েই পৰস্পৰৰ বন্দীক মুক্তি দিয়াৰ সিদ্ধান্ত লয় কিয়েভ আৰু মস্কোৱে।

author-image
Asomiya Pratidin
New Update
স্বদেশলৈ ঘূৰিল ২০৭ ইউক্ৰেইনী বন্দী

ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াত বন্দী হৈ থকা ২০৭গৰাকী ইউক্ৰেইনৰ সৈনিক স্বদেশলৈ ঘূৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে সদৰী কৰে।

Advertisment

বন্দীকেইজনৰ মুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী, ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মুৰব্বীসহ আন আন বিষয়াসকলক সামাজিক মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে কিয়েভ নিয়ন্ত্ৰিত এলেকাৰ পৰা ৰাছিয়াৰ ১৯৫ গৰাকী বন্দী সৈনিক স্বদেশলৈ ঘূৰি যায়।

এই সৈনিকসকলৰ মুক্তি সন্দৰ্ভত দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া আলোচনাৰ ফলত হোৱা চুক্তি অনুসৰিয়েই পৰস্পৰৰ বন্দীক মুক্তি দিয়াৰ সিদ্ধান্ত লয় কিয়েভ আৰু মস্কোৱে।

Also Read: বিজেপিৰ হাতলৈ যাব নেকি ঝাৰখণ্ড?

prisoners ukraine russia ukraine war