মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিল ২০ মহীয়া শিশু

মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিল ২০ মহীয়া শিশু

ডিজিটেল ডেস্ক : "ৰাখে হৰি মাৰে কোনে ?" এই কথাষাৰ যেন সকলোৰে বাবেই প্ৰযোজ্য । তুৰস্কৰ ভূমিকম্পত কেইবা ঘন্টাও ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থাকিও জীৱন যুঁজ অব্যাহত ৰখা দুৰ্ভগীয়া লোকসকলেই ইয়াৰ প্ৰমাণ । কিন্তু অনুৰূপ ঘটনা এটিৰ সাক্ষী হৈ ৰ'ল ইংলেণ্ডৰ এটি ২০ মহীয়া শিশুও ।

বিগত জানুৱাৰী মাহৰ ২৪ তাৰিখে লণ্ডনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ পেট্ৰ'লিয়া চহৰত চুইমিং পুলত বাগৰি পৰিছিল এটি শিশু । ২০ মহীয়া এই শিশুটিৰ নাম ৱেইলন চাউণ্ডাৰ্ছ । প্ৰায় ৫ মিনিটতকৈও অধিক সময় চুইমিং পুলত ককবকাই থকাৰ পাছত উদ্ধাৰ হোৱা ৱেইলনৰ নাছিল হৃদস্পন্দন । শীতত অৱশ হৈ পৰিছিল শৰীৰ । শৰীৰৰ উত্তাপ হ্ৰাস হৈ নূন্যতম হৈ পৰিছিল । কোনো পধ্যেই শিশুটি যে জীৱন্ত অৱস্থাত আছে সেইয়া বিশ্বাস কৰা সম্ভৱ নাছিল কাৰো পক্ষে ।

তথাপিও এটি শেষ চেষ্টাৰ বাবে শিশুটিক লৈ যোৱা হৈছিল নিকটৱৰ্তী চিকিৎসালয় খনত । মূল চহৰৰ পৰা অত দূৰৈত অৱস্থিত চহৰখনত নাছিল চিকিৎসাৰ উন্নত ব্যৱস্থা । তথাপিও আন সকলো কাম এৰি শিশুটিৰ সৈতে ব্যস্ত হৈ পৰিল চিকিৎসালয়ত উপস্থিত সকলো ।

প্ৰায় ৩ ঘন্টাৰো অধিক সময় চি পি আৰ দিব লগীয়া হ'ল শিশুটিক । লেবৰ টেকনিছিয়ান সকলে কোঠাৰ একোণত হিটাৰ লৈ থিয় হৈ থাকিল, নাৰ্চসকল ব্যস্ত হৈ পৰিল শিশুটিৰ শৰীৰৰ উত্তাপ উভতাই অনাত, জৰুৰীকালীন সেৱাৰ লোকসকল ব্যস্ত হৈ পৰিল শিশুটিক পৰ্যাপ্ত অক্সিজেন যোগান ধৰাত । একে সময়তেই লণ্ডনৰ শিশু বিশেষজ্ঞৰ আন এটি দলে ফোনতেই দি গ'ল পৰামৰ্শ ।

অৱশেষত সুস্থ হৈ উঠিল ৱেইলন । যেন মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনিলে শিশুটিক । ফেব্ৰুৱাৰীৰ ৬ তাৰিখে চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিল কণমানি ৱেইলন ।

মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিল ২০ মহীয়া শিশু
নিশা মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in