গুজৰাটত মাদক দ্রব্য ভৰ্তি পাকিস্তানী নাঁও জব্দ...

গুজৰাটত মাদক দ্রব্য ভৰ্তি পাকিস্তানী নাঁও জব্দ...

ডিজিটেল ডেস্কঃ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে দেওবাৰে গুজৰাটৰ পোৰবন্দৰত এটা যুটীয়া অভিযানত এখন পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ১৪ জন লোকক গ্রেপ্তাৰ কৰে।

জানিব পৰামতে ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্রাসবাদ বিৰোধী গোট আৰু মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰোৱে যৌথভাৱে চলোৱা অভিযানত ১৪জন পাকিস্তানী নাগৰিক আটক কৰে।

পাকিস্তানী নাওখন অধিক অনুসন্ধাৰনৰ বাবে পোৰবন্দৰলৈ লৈ অহা হয়। উল্লেখযোগ্য যে, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ লগতে আন সংস্থাসমূহে বিগত তিনি বছৰৰ ভিতৰত চলোৱা অভিযানসমূহৰ ভিতৰত এয়া একাদশ সফলতা।

গুজৰাটত মাদক দ্রব্য ভৰ্তি পাকিস্তানী নাঁও জব্দ...
কচুৱা আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানঃ এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in